দ্বি.বি. 30:1 - ইণ্ডিয়ান ৰিভাইচ ভাৰচন (IRV) আচামিচ - 20191 মই আপোনালোকৰ আগত আশীৰ্ব্বাদ আৰু শাওৰ বিষয়ে যি যি কথা কলোঁ, সেইবোৰ আপোনালোকৰ ওপৰলৈ আহিব। তাৰ পাছত আপোনালোকৰ ঈশ্বৰ যিহোৱাই যি সকলো জাতিবোৰৰ মাজত আপোনালোকক উলিয়াই পঠিয়াব, সেই জাতিবোৰৰ মাজত থাকোতে এইবোৰ কথা আপোনালোকে সোঁৱৰণ কৰিব। অধ্যায়টো চাওক |
আৰু মোৰ পৰা আঁতৰ হোৱা তেওঁলোকৰ বেশ্যালী মন আৰু তেওঁলোকৰ মুৰ্ত্তিৰ পাছে পাছে ব্যভিচাৰী হৈ যোৱা তেওঁলোকৰ চকু যেতিয়া মই দমন কৰিম, তেতিয়া তোমালোকৰ ৰক্ষা পোৱা লোকসকলে তেওঁলাকক বন্দী কৰি নিয়া জাতিবোৰৰ মাজত মোক সোঁৱৰণ কৰিব আৰু তেওঁলোকৰ আটাই ঘিণলগীয়া বস্তুৰ সম্পৰ্কে তেওঁলোকে কৰা মন্দ কাৰ্যৰ বাবে নিজৰ দৃষ্টিত নিজক ঘিণ কৰিব।