Biblia Todo Logo
অনলাইন বাইবেল
- বিজ্ঞাপন -




দ্বি.বি. 28:29 - ইণ্ডিয়ান ৰিভাইচ ভাৰচন (IRV) আচামিচ - 2019

29 অন্ধই যেনেকৈ আন্ধাৰত খপিয়াই ফুৰে, তেনেকৈ আপোনালোকে দিন-দুপৰতে খপিয়াই ফুৰিব; আপোনালোকৰ কোনো কাৰ্যই সফল নহব; আপোনালোকৰ ওপৰত সদায় কেৱল উপদ্ৰৱ আৰু লুটপাত হ’ব আৰু আপোনালোকক ৰক্ষা কৰিবলৈ কোনো নাথাকিব।

অধ্যায়টো চাওক কপি কৰক




দ্বি.বি. 28:29
26 পৰস্পৰ সংযোগসমূহ  

তাৰ পাছত লোটৰ অতিথিসকলে ঘৰৰ দুৱাৰৰ বাহিৰত থকা সৰু বৰ সকলো মানুহকে আঘাত কৰি কণা কৰিলে; তাতে সেই মানুহবোৰে দুৱাৰ বিচাৰি বিচাৰি হাবাথুৰি খালে।


আমাৰ পাপৰ বাবে আমাৰ ওপৰত নিযুক্ত কৰা ৰজাসকললৈ আমাৰ দেশত উৎপন্ন হোৱা উত্তম শস্যবোৰ যায়। তেওঁলোকে ভাল পোৱাৰ দৰেই আমাৰ শৰীৰৰ আৰু আমাৰ জীৱ-জন্তুবোৰৰ ওপৰত ৰাজত্ৱ কৰে। সেয়ে আমি বৰ দুখত আছোঁ।


তেওঁলোকে পোহৰ নাপাই আন্ধাৰৰ মাজত খপিয়াই ফুৰে; তেওঁ তেওঁলোকক মতলীয়াৰ নিচিনাকৈ ঢলংপলং কৰি ফুৰায়।


সিহঁতে দিনতেই আন্ধাৰক লগ পায়, ৰাতিৰ নিচিনাকৈ দিন-দুপৰতে খপিয়াই ফুৰে।


তাৰ পাছত যিহোৱাই মোচিক ক’লে, “সমগ্র মিচৰ দেশ অন্ধকাৰময় হ’বলৈ, তুমি আকাশৰ ফাললৈ হাত মেলা; তাতে সেই আন্ধাৰে সমগ্র দেশ গ্রাস কৰিব।”


আমি অন্ধলা লোকৰ দৰে দেৱালত খপিয়াওঁ, চকুহীন লোকৰ দৰে খপিয়াই ফুৰোঁ; গধূলি বেলাৰ দৰে দুপৰ বেলাতো আমি উজটি খাওঁ; আৰু শক্তিমান লোকৰ মাজত আমি মৰা মানুহৰ দৰে থাকোঁ।


কিয়নো চিয়োনৰ পৰা হাহাঁকাৰ শব্দ শুনা গৈছে, আমি কেনে বিনষ্ট হ’লো! আমি দেশ ত্যাগ কৰা বাবে, তেওঁলোকে আমাৰ নিবাসবোৰ ভাঙি পেলোৱাৰ কাৰণে আমি অতি ব্যাকুল হ’লো।


সিহঁতে অন্ধ লোকসকলৰ দৰে আলিত ভ্ৰমণ কৰিছিল। সিহঁত তেজেৰে এনেকৈ অশুচি হৈছিল, যে, লোকসকলে সিহঁতৰ কাপোৰ চুব নোৱাৰিছিল।


এই কাৰণে আমাৰ অন্তৰ পীড়িত হ’ল, এইবোৰৰ বাবে আমাৰ চকু দুৰ্ব্বল হ’ল,


আমাৰ ওপৰত বন্দীবোৰে শাসন কৰে, তেওঁলোকৰ হাতৰ পৰা আমাক উদ্ধাৰ কৰোঁতা কোনোৱেই নাই।


মই লোকসকলৰ ওপৰত ভীষণ ক্লেশ আনিম; তেওঁলোকে অন্ধ মানুহৰ নিচিনাকৈ ফুৰিব, কাৰণ যিহোৱাৰ বিৰুদ্ধে তেওঁলোকে পাপ কৰিলে! তেওঁলোকৰ তেজ ধূলিৰ নিচিনাকৈ পেলাই দিয়া হ’ব! তেওঁলোকৰ দেহ গোবৰৰ নিচিনাকৈ মাটিত পৰি থাকিব।


তেওঁলোকৰ লগত একেলগে নিজকে শুচি কৰা আৰু তেওঁলোকৰ মূৰ খূৰাবলৈ তুমি খৰচ দিয়া। এই বিষয়ে যি সম্বাদ পালে, সেয়ে যে একো নহয়, আৰু তুমি যে নিজে বিধান পালন কৰি নিয়মিতৰূপে আচৰণ কৰি চলিছা, সেই বিষয়ে সকলোৱে জানিব।


কিয়নো, হে ভাই সকল, আপোনালোকে যেন নিজকে জ্ঞানৱন্ত বুলি নামানে, এই কাৰণে, যেতিয়ালৈকে অনা-ইহুদী লোকৰ পৰিপূৰ্ণতা নহয়, তেতিয়ালৈকে কিছু পৰিমাণে ইস্ৰায়েলী লোকৰ যে কঠিনতা জন্মিল, এই নিগূঢ়-তত্ত্ব আপোনালোকে নজনাকৈ থকা মোৰ ইচ্ছা নাই।


যিহোৱাই পাগলামি, অন্ধতা আৰু চিন্তাশক্তি নষ্ট কৰি আপোনালোকক অধিক কষ্ট দিব।


তেওঁলোকে সেই বছৰত ইস্ৰায়েলীয়াসকলক উপদ্রৱ কৰি জয় কৰিলে; ওঠৰ বছৰ ধৰি যৰ্দ্দনৰ সিপাৰে থকা গিলিয়দৰ ইমোৰীয়া দেশত বাস কৰা সকলো ইস্ৰায়েলীয়া লোকক তেওঁলোকে উপদ্রৱ কৰিছিল।


পাছত ইস্ৰায়েলৰ সন্তান সকলে যিহোৱাৰ সাক্ষাতে পুনৰাই কু-আচৰণ কৰিব ধৰিলে; তাতে যিহোৱাই চল্লিশ বছৰলৈকে তেওঁলোকক পলেষ্টীয়াসকলৰ হাতত শোধাই দিলে।


তাতে ইস্ৰায়েলৰ সন্তান সকল ওঠৰ বছৰ কাল মোৱাবৰ ৰজা ইগ্লোনৰ অধীন হৈ থাকিল।


আমাক অনুসৰণ কৰক:

বিজ্ঞাপন


বিজ্ঞাপন