Biblia Todo Logo
অনলাইন বাইবেল
- বিজ্ঞাপন -




দ্বি.বি. 28:13 - ইণ্ডিয়ান ৰিভাইচ ভাৰচন (IRV) আচামিচ - 2019

13 যিহোৱাই আপোনালোকক মূৰ কৰিব, নেগুৰ নকৰিব; আপোনালোকৰ স্থান কেৱল ওপৰত থাকিব, কেতিয়াও তলত নাথাকিব, যদিহে আপোনালোকে আপোনালোকৰ ঈশ্বৰ যিহোৱাৰ যি যি আজ্ঞা মই আজি আপোনালোকক দিছো, সেইবোৰ শুনি আৰু পালন কৰি সেই মতে কাৰ্য কৰে,

অধ্যায়টো চাওক কপি কৰক




দ্বি.বি. 28:13
11 পৰস্পৰ সংযোগসমূহ  

তেওঁ ক’লে, “মই, তোমালোকৰ ঈশ্বৰ যিহোৱা, যদি তোমালোকে সাৱধানে মোৰ বাক্য শুনা, আৰু মোৰ দৃষ্টিত যি উচিত সেই কাৰ্য কৰা, আৰু মোৰ আজ্ঞাবোৰলৈ মনোযোগ দিয়া আৰু মোৰ সকলো বিধি পালন কৰা তেনেহ’লে, মই মিচৰীয়াসকলক যি সকলো ৰোগ দিছিলোঁ, সেইবোৰৰ কোনো ৰোগ তোমালোকক নিদিম, কাৰণ মই তোমালোকৰ আৰোগ্যকাৰী যিহোৱা।”


কাৰণ যিহোৱাই এই কথা কৈছে: “তোমালোকে যাকোবৰ কাৰণে আনন্দেৰে গীত গোৱা! আৰু জাতিবোৰৰ মুখিয়ালসকলৰ কাৰণে উল্লাসেৰে জয়-ধ্বনি কৰা, প্ৰচাৰ কৰা! প্ৰশংসা কৰা। আৰু কোৱা, ‘যিহোৱাই নিজ প্ৰজা ইস্ৰায়েলৰ অৱশিষ্ট ভাগক ৰক্ষা কৰিলে।’


কিয়নো ঈশ্বৰ যিহোৱাই আপোনালোকৰ আগত যি দৰে প্ৰতিজ্ঞা কৰিছিল সেইদৰেই আপোনালোকক আশীৰ্ব্বাদ কৰিব। তেতিয়া আপোনালোকে অনেক জাতিক ঋণ দিব। কিন্তু অন্য লোকৰ পৰা আপোনালোকে ঋণ ল’ব লগা নহ’ব। আপোনালোকে বহুতো জাতিৰ ওপৰত শাসন কৰিব পাৰিব, কিন্তু তেওঁলোকৰ কোনো এজনেও আপোনালোকক শাসন কৰিব নোৱাৰিব।


যিহোৱাই আজি ঘোষণা কৰিছে যে, প্রশংসা, যশস্যা আৰু সন্মানৰ ক্ষেত্রত তেওঁ সৃষ্টি কৰা সকলো জাতিবোৰৰ ওপৰত আপোনালোকক স্থান দিব। আপোনালোকৰ ঈশ্বৰ যিহোৱাই যি দৰে কৈছিল, সেইদৰেই আপোনালোক তেওঁৰ উদ্দেশ্যে এক পবিত্ৰ জাতি হ’ব।


আপোনালোকে যদি আপোনালোকৰ ঈশ্বৰ যিহোৱাৰ আজ্ঞা পালনত মনোযোগ দিয়ে আৰু আজি দিয়া মোৰ এই সকলো আজ্ঞা যত্নেৰে পালন কৰে, তেন্তে আপোনালোকৰ ঈশ্বৰ যিহোৱাই পৃথিবীৰ আন সকলো জাতিতকৈ আপোনালোকৰ স্থান উচ্চ কৰিব।


আপোনালোকৰ মাজত থকা বিদেশী লোক ক্ৰমে ক্ৰমে আপোনালোকৰ ওপৰলৈ উঠি যাব, কিন্তু আপোনালোক ক্ৰমে ক্ৰমে তললৈ যাব।


তেওঁলোকে আপোনালোকক ধাৰ দিব, কিন্তু আপোনালোকে তেওঁলোকক ধাৰ দিব নোৱাৰিব; তেওঁলোক মূৰ হ’ব আৰু আপোনালোক নেগুৰ হ’ব।


মই যদি আপোনালোকক চাবলৈ যাওঁ, নাইবা অনুপস্থিতো থাকো, তথাপি আপোনালোকে যে এক আত্মাৰে থিৰ হৈ আছে আৰু এক মনেৰে শুভবাৰ্তাৰ সমন্ধীয় বিশ্বাসৰ পক্ষে প্ৰাণপণ কৰিছে, সেই বিষয়ে যেন আপোনালোকৰ পৰা শুনিবলৈ পাম, ইয়াৰ বাবেই আপোনালোকে খ্ৰীষ্টৰ শুভবাৰ্তাৰ যোগ্য জীৱন-যাপন কৰক, এয়ে মাত্ৰ মোৰ নিবেদন।


আমাক অনুসৰণ কৰক:

বিজ্ঞাপন


বিজ্ঞাপন