10 আপোনালোকে সেয়ে আপোনালোকৰ ঈশ্বৰ যিহোৱাৰ বাধ্য হৈ চলিব। আজি মই আপোনালোকক আদেশ কৰা তেওঁৰ আজ্ঞা আৰু বিধিবোৰ আপোনালোকে পালন কৰি চলিব।”
“তুমি ইস্ৰায়েলৰ সমুদায় মণ্ডলীক এই কথা কোৱা, ‘তোমালোক পবিত্ৰ হ’ব লাগে; কিয়নো মই তোমালোকৰ যি ঈশ্বৰ যিহোৱা, মই পবিত্ৰ।
কাৰণ সকলো লোকে নিজৰ নিজৰ দেৱতাৰ নামেৰে চলে, কিন্তু আমি চিৰকাললৈকে আমাৰ ঈশ্বৰ যিহোৱাৰ নামেৰে চলিম।
হে মনুষ্য, যিহোৱাই যি ভাল, সেই বিষয়ে তোমালোকক কৈছিল; আৰু যিহোৱাই তোমালোকৰ পৰা এইবোৰ বিচাৰে: ন্যায়ৰূপ কাৰ্য কৰা, দয়াশীলতাক ভাল পোৱা, আৰু তোমালোকে ঈশ্বৰৰ সৈতে নম্রভাৱে চলা।
এই হেতুকে তোমালোকৰ স্বৰ্গীয় পিতৃ যেনে সিদ্ধ, তোমালোকো তেনে সিদ্ধ হোৱা।
“আপোনালোকে নিজ ঈশ্বৰ যিহোৱাক প্ৰেম কৰিব আৰু তেওঁ যি বিচাৰিছে, তাক কৰিব আৰু তেওঁৰ নির্দেশ, নিয়ম, শাসন-প্ৰণালী আৰু আজ্ঞাবোৰ নিতৌ পালন কৰিব।
আজিয়েই আপোনালোকে স্বীকাৰ কৰিছে যে, যিহোৱাই অাপোনালোকৰ ঈশ্বৰ আৰু তেওঁৰ পথতে আপোনালোক চলিব। আপোনালোকে স্বীকাৰ কৰিছে যে, তেওঁৰ বিধিবোৰ, তেওঁৰ আজ্ঞাবোৰ আৰু তেওঁৰ শাসন-প্ৰণালীবোৰ আপোনালোকে পালন কৰিব আৰু তেওঁৰ বাক্যলৈ কাণ দিব।
যিহোৱাইও আজি এই কথা স্বীকাৰ কৰিছে যে, তেওঁ যেনেকৈ প্রতিজ্ঞা কৰিছিল, সেইদৰে আপোনালোক তেওঁৰ নিজস্ব অধিকাৰত থকা তেওঁৰ প্রজা হৈছে আৰু আপোনালোকে তেওঁৰ সকলো আজ্ঞা পালন কৰা উচিত।
সেইদিনা মোচিয়ে লোকসকলক এই আজ্ঞা কৰিলে,
পাছত মোচি আৰু লেবীয়া পুৰোহিতসকলে সকলো ইস্ৰায়েলীয়াক ক’লে, “হে ইস্ৰায়েলীয়াসকল, আপোনালোকে মনে মনে থাকি শুনক; আজি আপোনালোক নিজ ঈশ্বৰ যিহোৱাৰ প্ৰজা হ’ল।