দ্বি.বি. 26:2 - ইণ্ডিয়ান ৰিভাইচ ভাৰচন (IRV) আচামিচ - 20192 তেতিয়া আপোনালোকৰ ঈশ্বৰ যিহোৱাই দিয়া সেই দেশৰ ভূমিত আপোনালোকে যি শস্য উৎপন্ন কৰিব, তাৰ প্ৰথম আগভাগৰ কিছু কিছু লৈ পাচিত ভৰাই ৰাখিব। আপোনালোকৰ ঈশ্বৰ যিহোৱাই নিজকে প্রকাশ কৰিবৰ কাৰণে যি ঠাই তেওঁৰ বাসস্থান হিচাবে মনোনীত কৰিব, সেই শস্য আপোনালোকে সেই ঠাইলৈ লৈ যাব। অধ্যায়টো চাওক |
কিয়নো, প্ৰভু যিহোৱাই কৈছে, মোৰ পবিত্ৰ পৰ্ব্বতখনত, ইস্ৰায়েলৰ ওখ পৰ্ব্বতখনতেই ইস্ৰায়েলৰ আটাই বংশই, তেওঁলোকৰ আটায়ে দেশত সেই ঠাইতে মোৰ আৰাধনা কৰিব, সেই ঠাইতে মই তেওঁলোকক গ্ৰহণ কৰিম আৰু সেই ঠাইতে তোমালোকৰ সকলো পবিত্ৰ বস্তুৰে সৈতে তোমালোকৰ উপহাৰ আৰু নৈবেদ্যস্বৰূপে দিবলগীয়া তোমালোকৰ আগভাগ পাবলৈ মই ইচ্ছা কৰিম।
সেইদিনা বৰঙনিৰ বাবে দিয়া ফলৰ আগভাগ, আৰু দশম ভাগ থোৱা ভঁৰালৰ দায়িত্বত লোকসকলক নিযুক্ত কৰিলে। ইয়াৰ সকলোৰ পৰা পুৰোহিত আৰু লেবীয়া সকলৰ প্রয়োজন অনুযায়ী বিধানত দিয়াৰ দৰে কিছু অংশ তেওঁলোকৰ বাবে গোটোৱা হৈছিল। নগৰৰ ওচৰত থকা পথাৰত কাম কৰিবৰ বাবে প্রতিজনক নিযুক্ত কৰা হৈছিল। তেওঁলোকৰ সন্মুখত থিয় হোৱা পুৰোহিত আৰু লেবীয়া সকলে বাবে যিহূদাই আনন্দ কৰিছিল।