দ্বি.বি. 26:17 - ইণ্ডিয়ান ৰিভাইচ ভাৰচন (IRV) আচামিচ - 201917 আজিয়েই আপোনালোকে স্বীকাৰ কৰিছে যে, যিহোৱাই অাপোনালোকৰ ঈশ্বৰ আৰু তেওঁৰ পথতে আপোনালোক চলিব। আপোনালোকে স্বীকাৰ কৰিছে যে, তেওঁৰ বিধিবোৰ, তেওঁৰ আজ্ঞাবোৰ আৰু তেওঁৰ শাসন-প্ৰণালীবোৰ আপোনালোকে পালন কৰিব আৰু তেওঁৰ বাক্যলৈ কাণ দিব। অধ্যায়টো চাওক |
আজি আপোনালোকৰ ওচৰত মোৰ আজ্ঞা এই যে, আপোনালোকে আপোনালোকৰ ঈশ্বৰ যিহোৱাক প্ৰেম কৰিব, তেওঁৰ পথত চলিব, আৰু তেওঁৰ আজ্ঞা, বিধি আৰু শাসন-প্ৰণালীবোৰ পালন কৰিব। তেনে কৰিলে আপোনালোক জীয়াই থাকিব আৰু সংখ্যাত বৃদ্ধি পাব; যি দেশ আপোনালোকে অধিকাৰ কৰিবলৈ গৈ আছে, সেই দেশত আপোনালোকৰ ঈশ্বৰ যিহোৱাই আপোনালোকক আশীৰ্ব্বাদ কৰিব।