16 কাৰণ, যেয়ে এই সকলো কাৰ্য কৰে অর্থাৎ সকলো ধৰণৰ অধার্মিক কার্য কৰে, আপোনালোকৰ ঈশ্বৰ যিহোৱাই তেওঁক ঘৃণা কৰে।
ভুল তুলাচনী যিহোৱাৰ ঘিণলগীয়া; কিন্তু সঠিক জোখ তেওঁৰ সন্তোষ জনক।
আৰু কোনো অশুচি বস্তু তাৰ ভিতৰত প্ৰৱেশ নকৰিব৷ সেয়েহে তাতে ঘিণলগীয়া কৰ্ম কৰা আৰু মিছা কথা কোৱা কোনেও তাৰ ভিতৰত কেতিয়াও প্ৰৱেশ নকৰিব, কিন্তু কেৱল যি সকলৰ নাম সেই মেৰ-পোৱালিৰ জীৱন পুস্তকত লিখা আছে, তেওঁলোকেহে ভিতৰত প্ৰৱেশ কৰিব৷
পুৰুষৰ অধিকাৰত থকা কোনো পোছাক মহিলাই পৰিধান কৰিব নালাগে, বা পুৰুষেও মহিলাৰ পোছাক পিন্ধিব নালাগে; কিয়নো যি কোনোৱে তেনে কাৰ্য কৰে, আপোনালোকৰ ঈশ্বৰ যিহোৱাৰ দৃষ্টিত তেওঁলোক বিতৃষ্ণাজনক।
এই বিষয়ত কোনেও যেন সীমা পাৰ নহয় আৰু তেওঁৰ ভাইক নঠগায়; আমি আগেয়ে আপোনালোকক জনাইছিলোঁ আৰু সাৱধান কৰি দিছিলোঁ যে, এই সকলো পাপ বিষয়ৰ কাৰণে প্রভুৱে তেওঁলোকক দণ্ড দিব।
এনেবোৰ কার্য কৰা সকলো লোক যিহোৱাৰ আগত ঘিণলগীয়া আৰু এনে ঘৃণণীয় কার্যৰ কাৰণেই আপোনালোকৰ ঈশ্বৰ যিহোৱাই সেই সকলো জাতিক আপোনালোকৰ সন্মুখৰ পৰা দূৰ কৰিব।
যিহোৱাই অসমান ওজন ঘিণ কৰে, ফাঁকি তুলাচনী ভাল নহয়।
আপোনালোক মিচৰ দেশৰ পৰা ওলাই আহোঁতে বাটত অমালেকীয়াসকলে আপোনালোকৰ সৈতে যি কৰিছিল, তাক সোঁৱৰণ কৰক।
দুষ্ট লোকৰ ঘৰৰ সম্পত্তিবোৰ অসৎ, আৰু মিছা জোখবোৰ ঘিণলগীয়া।