দ্বি.বি. 23:23 - ইণ্ডিয়ান ৰিভাইচ ভাৰচন (IRV) আচামিচ - 201923 আপোনালোকৰ মুখৰ পৰা যি সঙ্কল্পৰ কথা ক’ব, তাক আপোনালোকে পূৰণ কৰিবই লাগিব, কাৰণ আপোনালোকে স্ব-ইচ্ছাৰে নিজ মুখেৰে আপোনালোকৰ ঈশ্বৰ যিহোৱাৰ ওচৰত সেই প্ৰতিজ্ঞা কৰিছে। অধ্যায়টো চাওক |
কিন্তু আমি আৰু আমাৰ পূৰ্বপুৰুষসকলে আমাৰ ৰজা আৰু প্ৰধান লোকসকলে যিহূদাৰ নগৰবোৰত আৰু যিৰূচালেমৰ আলিত যেনেকৈ কৰিছিলোঁ, তেনেকৈ আকাশৰ ৰাণীৰ উদ্দেশ্যে ধূপ জ্বলাবলৈ আৰু তেওঁৰ উদ্দেশ্যে পেয় নৈবেদ্য ঢালিবলৈ আমাৰ মুখৰ পৰা ওলোৱা প্ৰত্যেক বাক্য আমি নিশ্চয়ে সিদ্ধ কৰিম; কাৰণ সেই কালত আমাৰ আহাৰ অধিক আছিল আৰু আমি কুশলে আছিলোঁ, কোনো অমঙ্গল নেদেখিছিলোঁ।