দ্বি.বি. 22:29 - ইণ্ডিয়ান ৰিভাইচ ভাৰচন (IRV) আচামিচ - 201929 তেন্তে তাইৰ লগত শয়ন কৰা পুৰুষে ছোৱালীজনীৰ বাপেকক পঞ্চাশ চেকল ৰূপ দিব লাগিব। সেই পুৰুষে তাইক নষ্ট কৰাৰ কাৰণে তায়েই তেওঁৰ ভার্যা হ’ব আৰু তেওঁ জীয়াই থাকে মানে তাইক এৰিব নোৱাৰিব। অধ্যায়টো চাওক |
তেন্তে আপোনালোকে তেওঁলোক দুয়োকে সেই নগৰৰ দুৱাৰ মুখলৈ উলিয়াই আনিব আৰু মৃত্যু নোহোৱা পর্যন্ত তেওঁলোকক শিল দলিয়াই বধ কৰিব। নগৰৰ মাজত থাকিও ছোৱালীজনীয়ে চিঞৰ-বাখৰ নকৰাৰ কাৰণে তাইক আৰু আন এজন ইস্রায়েলীয়া ভাইৰ ভার্যাক নষ্ট কৰাৰ কাৰণে পুৰুষজনক শিল দলিয়াই বধ কৰিব। এইদৰে আপোনালোকে আপোনালোকৰ মাজৰ পৰা দুষ্টতা দূৰ কৰিব।