1 আপোনালোকৰ ঈশ্বৰ যিহোৱাই যি দেশ আপোনালোকক আধিপত্যৰ বাবে দিব, সেই ঠাইৰ জাতিবোৰক যেতিয়া উচ্ছন্ন কৰিব, আৰু আপোনালোকে তেওঁলোকৰ নগৰ আৰু ঘৰবোৰত বাস কৰিবলৈ ধৰিব,
কোনো মানুহে যদি পূৰ্বপৰিকল্পনা নকৰাকৈ মাৰোতে আকস্মিকভাৱে কাৰো মৃত্যু হয়; তেনেহ’লে তেওঁ পলাই যাব পৰা ঠাই মই নিৰূপণ কৰিম।
তেতিয়া অজ্ঞানত কোনো লোকৰ প্ৰাণ হানি কৰা কোনো নৰ-বধী পলাই যাবলৈ, তোমালোকে তোমালোকৰ কাৰণে কেইখনমান নগৰ আশ্ৰয়-নগৰ নিৰূপণ কৰিবা।
পাছত যিহোৱাই মোচিক ক’লে,
আপোনালোকৰ পূর্বপুৰুষসকলৰ ঈশ্বৰ যিহোৱাই যি দেশ আপোনালোকক অধিকাৰৰ অৰ্থে দিছে, সেই দেশত গোটেই জীৱনকাল আপোনালোকে এই সকলো বিধি আৰু শাসন-প্ৰণালীবোৰ মানি চলিব।
যি জাতি সমূহৰ আধিপত্য ল’বলৈ আপোনালোক গৈছে, আপোনালোকৰ ঈশ্বৰ যিহোৱাই আপোনালোকৰ আগৰ পৰা তেওঁলোকক একেবাৰে ধ্বংস কৰি দিব। যেতিয়া আধিপত্য ভোগ কৰি তেওঁলোকৰ দেশত বাস কৰিব,
আপোনালোকৰ ঈশ্বৰ যিহোৱাই আপোনালোকক যি দেশ দিছে, সেই দেশত সোমাই তাক অধিকাৰ কৰি বাস কৰোঁতে, যেতিয়া ক’ব, “মোৰ চাৰিওফালে থকা আটাই জাতিৰ দৰে মইও মোৰ ওপৰত এজন ৰজা পাতোঁ।”
আপোনালোকৰ পূর্ব–পুৰুষ অব্ৰাহাম, ইচহাক আৰু যাকোবৰ আগত ঈশ্বৰ যিহোৱাই আপোনালোকক যি দেশ দিবলৈ শপত কৰিছিল, সেই দেশলৈ তেওঁ আপোনালোকক লৈ যাব; সেই ঠাইত এনে ডাঙৰ আৰু সুন্দৰ নগৰবোৰ আছে, যাক আপোনালোকে সজা নাই।
এনে ধৰণৰ সকলো উত্তম দ্রব্যৰে ঘৰবোৰ পূর্ণ হৈ আছে, যিহক আপোনালোকে ভৰোৱা নাই; এনে নাদ আছে, যিহক আপোনালোকে খনা নাই; এনে দ্ৰাক্ষাবাৰী জিতগছবোৰ আছে, যিহক আপোনালোকে ৰোৱা নাই; তাত এই সকলো খাই তৃপ্ত হ’ব।
তেতিয়া যিহোৱাই যিহোচূৱাক ক’লে,
তোমালোকে যিহৰ বাবে শ্ৰম কৰা নাই, এনে এক দেশ আৰু যিহক তোমালোকে স্থাপন কৰা নাই এনে অনেক নগৰ মই তোমালোকক দিলোঁ, তোমালোকে তাৰ মাজত বাস কৰি আছা৷ আৰু যি দ্ৰাক্ষালতা ও জিতগছৰ বাৰী তোমালোকে পতা নাই, এনে বাৰীৰ ফল তোমালোকে ভোগ কৰি আছা।