17 যিহোৱাই মোক কৈছিল, “তেওঁলোকে ঠিকেই কৈছে।
মই যেন ক্লান্ত জনক বহন কৰিব পৰা বাক্য ক’ব পাৰোঁ, সেয়ে শিক্ষা দিয়া সকলৰ এজন বুলি, প্রভু যিহোৱাই মোক কথা কোৱা জিভা দিলে। তেওঁ প্ৰতিটো পুৱাতেই মোক সজাগ কৰে, এনে কি, শিক্ষা লাভ কৰা সকলৰ দৰে তেওঁ মোৰ কাণ সজাগ কৰে।
প্ৰভু যিহোৱাই মোৰ কাণ মুকলি কৰিলে; আৰু মই বিদ্ৰোহী নাছিলোঁ, বা মই পিছফালেও ঘুৰা নাছিলোঁ।
তেতিয়া যিহোৱাই নিজ হাত মেলি মোৰ মুখ স্পৰ্শ কৰিলে আৰু মোক ক’লে, চোৱা, মই মোৰ বাক্য তোমাৰ মুখত দিলোঁ;
মই তেওঁলোকৰ ভাইসকলৰ মাজৰ পৰা তেওঁলোকৰ কাৰণে তোমাৰ দৰে এজন ভাববাদী উৎপন্ন কৰিম। তেওঁৰ মুখেৰেই মই মোৰ কথা ক’ম আৰু মই যি সকলো কবলৈ তেওঁক আজ্ঞা দিম, তেওঁ তাকে ক’ব।
কিন্তু এতিয়া আমি কিয় মৰিবলৈ যাম? কিয়নো এই মহান জুইয়ে আমাক গ্ৰাস কৰি পেলাব; যদি আৰু বেছি সময় আমি আমাৰ ঈশ্বৰ যিহোৱাৰ কন্ঠস্বৰ শুনো, তেন্তে আমি নিশ্চয়ে মৰিম।
এইবুলি যেতিয়া আপোনালোকে মোক ক’লে, তেতিয়া যিহোৱাই আপোনালোকৰ সেই কথা শুনি মোক ক’লে, ‘এই লোকসকলে তোমাক যি যি ক’লে তাক মই শুনিলোঁ। তেওঁলোকে যি কৈছে ভাল কথাই কৈছে।