8 কিন্তু আপুনি তেওঁলৈ হাত মুকলি কৰি, তেওঁৰ অভাৱ পূৰ কৰিবৰ কাৰণে তেওঁক যি প্রয়োজন, অৱশ্যে সিমান তেওঁক ধাৰ দিব লাগে।
ধার্মিকসকল সদায় দয়ালু, আৰু তেওঁলোকে ধাৰে দিয়ে; তেওঁলোকৰ বংশই আশীৰ্ব্বাদ পায়।
যি জনে দৰিদ্ৰক দয়া কৰে, তেওঁ যিহোৱাক ঋণ দিয়ে; আৰু তেওঁ কৰা কাৰ্যৰ বিনিময়, তেওঁ তেওঁক পৰিশোধ কৰিব।
আৰু তোমাৰ লগৰ নিবাসী যদি দুখীয়া হয়, আৰু নিজৰ কাৰণে একোকে যুগুত কৰিব নোৱাৰে তেন্তে তেওঁক বিদেশী আৰু প্ৰবাসীৰ নিচিনাকৈ তোমাৰ লগত জীৱন-ধাৰণ কৰিবলৈ সহায় কৰিবা;
যি জনে তোমাক খোজে, সেই জনক দিবা আৰু কোনোৱে তোমাৰ পৰা ধাৰ বিচাৰিলে, তেওঁক বিমুখ নকৰিবা।
ধাৰ পৰিশোধৰ আশা কৰিব পৰা লোককে যদি তোমালোকে কেৱল ধাৰ দিয়া, তেনেহলে তোমালোকে কি প্ৰশংসা পাবা? কিয়নো পাপীয়েও পাপীক ধাৰ দিয়ে আৰু সেই ধাৰ পুণৰ ঘূৰাই পোৱাৰ আশা কৰে।
তেওঁলোকৰ কেৱল মাত্র এটা অনুৰোধ আছিল যে, আমি যেন দৰিদ্র সকলৰ কথা মনত ৰাখো। অৱশ্যে, এই কার্য কৰিবলৈ ময়ো যত্নবান আছিলোঁ।