3 আপোনালোকে পৰজাতিৰ পৰা দাবি কৰি ঋণ আদায় কৰিব পাৰে; কিন্তু ভাইৰ ওচৰত আপোনালোকৰ যি ঋণ আছে, সেয়া এৰি দিব।
তোমালোকে যদি মোৰ লোকসকলৰ মাজত থকা কোনো দৰিদ্ৰ লোকক ধন ধাৰে দিয়া, তেনেহ’লে তোমালোকে সুতলৈ ধাৰ দিয়া অথবা সুত আদায় কৰা লোকৰ দৰে নহ’বা।
দাস পৰিয়ালত চিৰকাল নাথাকে, কিন্তু সন্তান হ’লে সদায় পৰিয়ালত থাকে।
এই হেতুকে আহক, সুযোগ পালে সকলোৰে বাবে, বিশেষকৈ পৰিয়াল স্বৰূপ বিশ্বাস কৰা লোক সকলৰ বাবে উত্তম কৰ্ম কৰোঁ আহক।
সেই ধাৰ ক্ষমা কৰাৰ নিয়ম এই, প্ৰতিজন ধাৰ দিওঁতাই নিজৰ ওচৰ চুবুৰীয়াক দিয়া ধাৰ ক্ষমা কৰিব; তেওঁ নিজৰ ওচৰ-চুবুৰীয়া ভাইৰ পৰা তাক আদায় নকৰিব, কিয়নো যিহোৱাৰ ধাৰ ক্ষমাৰ সময় ঘোষণা কৰা হ’ল।
অন্য জাতিৰ লোকসকলৰ পৰা আপোনালোকে ধাৰ দি সুদ ল’ব পাৰে, কিন্তু, কোনো ইস্রায়েলীয়া ভাইৰ পৰা নোৱাৰে। এইদৰে চলিলে আপোনালোকে যি দেশ অধিকাৰ কৰিবলৈ গৈছে, সেই দেশত আপোনালোকে যিহতে হাত দিব, সকলো কাৰ্যতে আপোনালোকৰ ঈশ্বৰ যিহোৱাই আপোনালোকক আশীৰ্ব্বাদ কৰিব।
আপোনালোকৰ ঈশ্বৰ যিহোৱাৰ উদ্দেশ্যে যদি আপোনালোকে কোনো সঙ্কল্প কৰে, তেন্তে তাক পূৰণ কৰিবলৈ পলম নকৰিব; কিয়নো আপোনালোকৰ ঈশ্বৰ যিহোৱাই আপোনালোকৰ পৰা তাক নিশ্চয়ে আদায় কৰিব; তাক পূৰণ নকৰিলে আপোনালোকৰ পাপ হ’ব।