Biblia Todo Logo
অনলাইন বাইবেল

- বিজ্ঞাপন -




দ্বি.বি. 15:19 - ইণ্ডিয়ান ৰিভাইচ ভাৰচন (IRV) আচামিচ - 2019

19 আপোনালোকে আপোনালোকৰ গৰু, মেৰ-ছাগ আদি পশুৰ জাকৰ পৰা প্ৰথমে আটাই মতা পশুবোৰ আপোনাৰ ঈশ্বৰ যিহোৱাৰ উদ্দেশ্যে পবিত্ৰ কৰিব; আপোনালোকে প্ৰথমে জগা গৰু, কোনো কামত নলগাব, আৰু আপোনালোকৰ মেৰ-ছাগৰ প্ৰথমে জগা নোম নাকাটিব।

অধ্যায়টো চাওক কপি কৰক




দ্বি.বি. 15:19
18 পৰস্পৰ সংযোগসমূহ  

“ইস্ৰায়েলৰ লোক সকলৰ মানুহৰেই হওক বা পশুৰেই হওক, সকলো প্ৰথম গৰ্ভফল মোৰ উদ্দেশে উৎসৰ্গ কৰা। প্ৰথমে জন্মা সকলো মোৰেই।”


তেতিয়া তোমালোকৰ প্রত্যেকৰে প্রথমে জন্ম হোৱা সন্তান আৰু তোমালোকৰ জীৱ জন্তুৰ প্রথমে জন্মা পশু যিহোৱাৰ উদ্দেশ্যে পৃথক কৰিবা। প্রথমে জন্মা সকলো পুৰুষ আৰু মতাপশু যিহোৱাৰ হ’ব।


আপোনালোকৰ সেই উৎসৱত আপোনালোকৰ পো-জী, বন্দী-বেটী আৰু আপোনালোকৰ নগৰৰ দুৱাৰৰ ভিতৰত থকা লেবীয়াসকল, বিদেশীসকল, পিতৃহীন, আৰু বিধৱা, এই সকলোৰে সৈতে আনন্দ কৰিব।


আপোনালোকৰ শস্য, নতুন দ্ৰাক্ষাৰস বা তেলৰ দশমভাগ নাইবা গৰু-ছাগলী, মেৰ আদিৰ প্ৰথমে জগা পোৱালি, সঙ্কল্প সিদ্ধ কৰিবৰ কাৰণে দিয়া কোনো নৈবেদ্য, ইচ্ছাকৃত বিশেষ দান বা আপোনালোকৰ হাতেৰে আগবঢ়োৱা নৈবেদ্য আপোনালোকে নিজৰ নগৰৰ দুৱাৰৰ ভিতৰত খাব নোৱাৰিব;


কিন্তু গৰুৰ বা মেৰ-ছাগৰ বা ছাগলীৰ প্ৰথমে জন্মাক তুমি মোকলাই নিদিবা। সেইবোৰ পবিত্ৰ আৰু মোৰ উদ্দেশ্যে পৃথকে ৰখা হ’ল। তুমি যজ্ঞবেদীৰ ওপৰত সেইবোৰৰ তেজ ছটিয়াবা আৰু যিহোৱাৰ উদ্দেশ্যে সুঘ্ৰাণৰ অৰ্থে অগ্নিকৃত উপহাৰৰ কাৰণে সেইবোৰৰ তেল দগ্ধ কৰিবা।


মানুহেই হওঁক বা পশুৱেই হওঁক, সকলো প্ৰাণীৰ মাজত গৰ্ভভেদ কৰি প্ৰথমে ওলোৱা যিবোৰক তেওঁলোকে যিহোৱাৰ অৰ্থে আগদান কৰিব, সেই সকলো তোমাৰেই হ’ব। কিন্তু মানুহৰ প্ৰথমে জন্মাক তুমি অৱশ্যে মোকলাই দিবা, আৰু অশুচি পশুৰ প্ৰথমে জন্মাকো তুমি মোকলাই দিবা।


তথাপি প্ৰথমে জগা বুলি যি পশু যিহোৱাৰ, পশুবোৰৰ মাজত সেই প্ৰথমে জগা পশু কোনেও পবিত্ৰ কৰিব নোৱাৰিব; গৰু, মেৰ, বা ছাগলী হওক, সেয়ে যিহোৱাৰেই।


স্বৰ্গত নাম লিখা প্ৰথমে জন্ম পোৱা সকলৰ মহাসভা আৰু মণ্ডলী, সকলোৰে বিচাৰকৰ্তা ঈশ্বৰ, সিদ্ধ হোৱা ধাৰ্মিক লোক সকলৰ আত্মা সমূহ,


আৰু আপোনালোকৰ ঈশ্বৰ যিহোৱাই নিজৰ নাম স্থাপনৰ অৰ্থে যি ঠাই মনোনীত কৰিব, সেই ঠাইত, আপোনালোকৰ ঈশ্বৰ যিহোৱাৰ আগত, আপোনালোকৰ পো-জী, বন্দী-বেটী, আপোনালোকৰ নগৰৰ দুৱাৰৰ ভিতৰত থকা লেবীয়া লোক, আৰু আপোনালোকৰ মাজত বাস কৰা বিদেশী, পিতৃহীন, আৰু বিধৱা, এই সকলোৰে সৈতে আনন্দ কৰিব।


যি ঠাই আপোনালোকৰ ঈশ্বৰ যিহোৱাই নিজৰ নামৰ বাসস্থান কৰিবৰ কাৰণে মনোনীত কৰিলে, সেই ঠাইত আপোনালোকৰ শস্য, নতুন দ্রাক্ষাৰস, তেলৰ দশম ভাগ আৰু নিজৰ গৰু, মেৰ-ছাগ, ছাগলীৰ প্রথমে জগাবোৰক আপোনালোকে ঈশ্বৰ যিহোৱাৰ সন্মুখত খাব: তাতে আপোনালোকে ঈশ্বৰ যিহোৱাক ভয় ভক্তি কৰিবলৈ শিকিব।


কিয়নো সকলো প্ৰথমে জন্ম পোৱা সকল মোৰেই। যিদিনা মিচৰ দেশত সকলো প্ৰথমে জন্ম পোৱা সকলক ধংস কৰিছিলোঁ, সেই দিনাই মানুহৰ পৰা জীৱ-জন্তুলৈকে ইস্ৰায়েলৰ আটাই প্ৰথমে জন্ম পোৱা সকলক মোৰ অৰ্থে পবিত্ৰ কৰিলোঁ। এতেকে সেই সকলো মোৰেই হ’ব। মই যিহোৱা।”


প্রথমে জন্ম হোৱা সকলো মোৰ, এনেকি গৰু, মেৰ-ছাগ সকলো পশু জাকৰ মাজতো সকলো প্রথমে জগা মতা পশু মোৰ।


কিয়নো ঈশ্বৰৰ পুত্ৰ যেন অনেক ভাই সকলৰ মাজত প্ৰথমে জন্মা হয়, এই কাৰণে ঈশ্বৰে যি সকলক আগেয়ে জানিলে, তেওঁলোকক তেওঁৰ সেই পুত্ৰৰ প্ৰতিমূৰ্তিৰ অনুৰূপ হ’বলৈ, আগেয়ে নিৰূপণো কৰিলে;


তোমালোকৰ গৰু আৰু মেৰ-ছাগৰ জাকৰ ক্ষেত্রতো সেইদৰেই কৰিবা। সেই পশুবোৰ সাত দিন নিজৰ মাকৰ লগত থাকিব, কিন্তু অষ্টম দিনা তোমালোকে সেইবোৰ মোক দিব লাগিব।


তেওঁ ছয় বছৰ আপোনালোকৰ কাৰণে আপোনাৰ বেচ খোৱা চাকৰতকৈ দুগুণ কাম কৰিলে, আপুনি তেওঁক মুকলি কৰি বিদায় দিয়াত আপুনি কষ্টবোধ নকৰিব; তাতে আপোনাৰ ঈশ্বৰ যিহোৱাই আপুনি কৰা সকলো কাৰ্যত আপোনাক আশীৰ্ব্বাদ কৰিব।


তোমালোকৰ শস্য, বা পেয় দ্ৰব্যৰ পৰা উৎসৰ্গ কৰিবলৈ তোমালোকে পলম কৰিব নালাগে। তোমালোকৰ প্ৰথমে জন্ম হোৱা পুত্ৰক মোৰ অৰ্থে দিব লাগিব।


তাৰ পাছত আপোনালোকৰ ঈশ্বৰ যিহোৱাই তেওঁৰ নাম স্থাপনৰ কাৰণে যি ঠাই বাছি লব, সেই ঠাইলৈ মই আদেশ কৰা সকলো বস্তু লৈ আহিব অৰ্থাৎ নিজ নিজ হোমবলি, বলি উৎসর্গ, দশমভাগ, আপোনালোকৰ হাতেৰে আগবঢ়োৱা নৈবেদ্য, যিহোৱাৰ উদ্দেশ্যে কৰা সকলো সঙ্কল্প পূৰণৰ নৈবেদ্য।


আমাক অনুসৰণ কৰক:

বিজ্ঞাপন


বিজ্ঞাপন