দ্বি.বি. 12:3 - ইণ্ডিয়ান ৰিভাইচ ভাৰচন (IRV) আচামিচ - 20193 তেওঁলোকৰ যজ্ঞ-বেদীবোৰ ভাঙি পেলাব, তেওঁলোকৰ শিলৰ স্তম্ভবোৰ ডোখৰ ডোখৰ কৰিব, তেওঁলোকৰ আচেৰা মূৰ্ত্তিবোৰ জুইত পুৰি পেলাব, তেওঁলোকৰ দেৱতাৰ সকলো কটা-প্ৰতিমাবোৰ কাটি পেলাব আৰু এই দৰে সেই ঠাইৰ পৰা তেওঁলোকৰ নাম লুপ্ত কৰিব। অধ্যায়টো চাওক |
এইদৰে আটাইবোৰ শেষ হোৱাৰ পাছত, সেই ঠাইত উপস্থিত থকা সকলো ইস্ৰায়েল লোকে যিহূদাৰ নগৰবোৰলৈ গ’ল আৰু স্তম্ভবোৰ ভাঙিলে, আচেৰা মুৰ্ত্তিবোৰ কাটিলে আৰু গোটেই যিহূদাত, বিন্যামীনত, ইফ্ৰয়িমত আৰু মনচিত থকা ওখ ঠাইবোৰ আৰু যজ্ঞবেদীবোৰ নিঃশেষে ভাঙি পেলালে। তেতিয়া ইস্ৰায়েলৰ সন্তান সকলে নিজ নিজ আধিপত্য আৰু নগৰলৈ উলটি আহিল।