Biblia Todo Logo
অনলাইন বাইবেল

- বিজ্ঞাপন -




দ্বি.বি. 11:28 - ইণ্ডিয়ান ৰিভাইচ ভাৰচন (IRV) আচামিচ - 2019

28 কিন্তু যদি আপোনালোকে নিজ ঈশ্বৰ যিহোৱাৰ আজ্ঞাবোৰলৈ কাণ নিদিয়ে, আৰু মই আজি আপোনালোকক যি পথত চলিবলৈ আজ্ঞা দিছোঁ, তাৰ পৰা আঁতৰি আপোনালোকে নজনা আন দেৱতাৰ পাছত চলে, তেন্তে আপোনালোকে শাও পাব।

অধ্যায়টো চাওক কপি কৰক




দ্বি.বি. 11:28
10 পৰস্পৰ সংযোগসমূহ  

কিয়নো যিমান মানুহে বিধান-শাস্ত্ৰৰ কৰ্মৰ ওপৰত নির্ভৰ কৰে, সেই সকলোৱেই শাপগ্ৰস্ত; কিয়নো শাস্ত্রত লিখা আছে, “বিধানত যি সকলো লিখা আছে, তাৰ সকলো কথা যি জনে পালন নকৰে, তেওঁ শাপগ্রস্ত।”


তেতিয়া তেওঁৰ বাওঁফালে থকাবোৰক কব, ‘হেৰ মোৰ পৰা আতৰি থকা সকল, চয়তান আৰু তাৰ দূতবোৰৰ কাৰণে যুগুত কৰি থোৱা অনন্ত জুইলৈ তোমালোক গুচি যোৱা।


দুষ্ট লোকৰ সন্তাপ হ’ব; তেওঁৰ অমঙ্গল হ’ব; কাৰণ তেওঁৰ হাতৰ কাৰ্যৰ ফল তেওঁ পাব।


কিন্তু যদি তোমালোক অসন্মত হৈ বিদ্ৰোহ আচৰণ কৰা, তেনেহ’লে তৰোৱালৰ দ্বাৰাই গ্ৰাস কৰা হ’ব,” কিয়নো যিহোৱাৰ মুখে এই কথা ক’লে।


দুষ্ট লোকৰ ঘৰত যিহোৱাৰ শাও থাকে; কিন্তু তেওঁ ধাৰ্মিকৰ নিবাসক আশীৰ্ব্বাদযুক্ত কৰে।


বিদেশী, মাউৰা আৰু বিধৱাক উপদ্ৰৱ নকৰা, আৰু এই ঠাইত নিৰ্দ্দোষীৰ ৰক্তপাত নকৰা, নাইবা তোমালোকৰ অপৰাধৰ কাৰণে ইতৰ দেৱতাবোৰৰ পাছত নচলা,


আমাক অনুসৰণ কৰক:

বিজ্ঞাপন


বিজ্ঞাপন