Biblia Todo Logo
অনলাইন বাইবেল

- বিজ্ঞাপন -




দ্বি.বি. 11:24 - ইণ্ডিয়ান ৰিভাইচ ভাৰচন (IRV) আচামিচ - 2019

24 আপোনালোকে যি যি ঠাইত ভৰি দিব, সেই সকলো ঠাই আপোনালোকৰে হ’ব; মৰুভূমিৰ পৰা লিবানোন পর্যন্ত আৰু ইউফ্রেটিচ নদীৰ পৰা ভূমধ্য সাগৰলৈকে আপোনালোকৰ সীমা হ’ব।

অধ্যায়টো চাওক কপি কৰক




দ্বি.বি. 11:24
13 পৰস্পৰ সংযোগসমূহ  

সেই দিনাই মোচিয়ে শপত খাই ক’লে, ‘যি ভূমিৰ ওপৰত তুমি ভৰি দিলাগৈ, তুমি আৰু তোমাৰ সন্তান সকলে চিৰকাললৈকে নিশ্চয়ে সেই ভূমিৰ উত্তৰাধিকাৰী হ’ব; কিয়নো তুমি সম্পূৰ্ণৰূপে মোৰ ঈশ্বৰ যিহোৱাৰ ইচ্ছামতে চলিলা।’


মই চূফ সাগৰৰ পৰা পলেষ্টীয়াসকলৰ সমুদ্ৰলৈকে, আৰু মৰুভূমিৰ পৰা ফৰাৎ নদীলৈকে তোমালোকৰ সীমা নিৰূপণ কৰিম। সেই দেশ নিবাসী সকলৰ ওপৰত মই তোমালোকক জয়ী কৰিম। তোমালোকে তোমালোকৰ আগৰ পৰা তেওঁলোকক খেদি বাহিৰ কৰিবা।


চলোমনে ফৰাৎ নদীৰে পৰা পলেষ্টীয়াসকলৰ দেশলৈ আৰু মিচৰ দেশৰ সীমালৈকে, সকলো ৰাজ্যৰ ওপৰত ৰাজত্ব কৰিছিল৷ তেওঁলোকে চলোমনলৈ উপহাৰ আনিছিল আৰু তেওঁৰ গোটেই ৰাজত্বৰ কালত তেওঁলোকে তেওঁক সেৱা কৰিছিল।


আৰু ফৰাৎ নদীৰে পৰা পলেষ্টীয়াসকলৰ দেশলৈ আৰু মিচৰৰ সীমালৈকে সকলো ৰজাসকলৰ ওপৰত তেওঁ শাসন কৰিছিল।


কিয়নো তেওঁ টিপচহৰ পৰা গাজালৈকে, ফৰাৎ নদীৰ ইপাৰে থকা সমূদায় দেশৰ, নদীৰ ইপাৰে থকা সকলো ৰজাৰ ওপৰত ৰাজত্ব কৰিলে আৰু তেওঁৰ চাৰিওফালৰ অঞ্চল শান্তিপূৰ্ণ আছিল৷


এতিয়া তোমালোকে ঘূৰি যাত্ৰা কৰা। ইমোৰীয়াসকলে বাস কৰা পাহাৰীয়া অঞ্চললৈ যোৱা। তাৰ ওচৰ পাজৰৰ সকলো ঠাইলৈকে যোৱা। তাৰ ওচৰৰ যর্দন নদীৰ উপত্যকাৰ সমথল, পাহাৰীয়া অঞ্চল, নিম্ন ভূমি অঞ্চল, নেগেভ আৰু সমুদ্ৰতীৰলৈ যোৱা। কনানীয়াসকলৰ দেশৰ লগতে লিবানোনৰ পাহাৰলৈকে ইউফ্রেটিচ নামৰ মহানদী পর্যন্ত যোৱা।


শুনা, মই সেই দেশ তোমালোকৰ আগত ৰাখিছোঁ; মই যিহোৱাই তোমালোকৰ পূর্বপুৰুষ অব্ৰাহাম, ইচহাক আৰু যাকোবলৈ আৰু পাছত তেওঁলোকৰ ভাবী-বংশলৈকো যি দেশ দিম বুলি শপত খাইছিলো, তোমালোকে গৈ তাক অধিকাৰ কৰা।’”


আপোনালোকৰ ঈশ্বৰ যিহোৱাই কৰা নিজ প্ৰতিজ্ঞাৰ দৰে সীমা বিস্তাৰ কৰাৰ পাছত যেতিয়া আপোনালোকে মাংস খাবলৈ ইচ্ছা কৰি ক’ব, “মাংস খাম,” তেতিয়া আপোনালোকে ইচ্ছা মনেৰে মাংস খাব পাৰিব।


গোটেই নপ্তালী, ইফ্ৰয়িম আৰু মনচিৰ দেশ, আৰু পশ্চিম ফালে সমুদ্ৰলৈকে যিহূদাৰ সমস্ত দেশ দেখুৱালে।


মই তোমালোকৰ পৰা উত্তৰদেশীয় সৈন্য-সামন্তক দূৰ কৰিম, আৰু মই তাক শুকান আৰু ধ্বংস কৰা দেশলৈ খেদি দিম। তাৰ আগ-ভাগ পূৱ সাগৰত, আৰু তাৰ পাছ-ভাগ পশ্চিম সাগৰত পেলাই দিম; তাতে তাৰ গেলা গন্ধ ওলাব, দুৰ্গন্ধ উঠিব। কাৰণ সি মহৎ কাৰ্য কৰিলে।”


আমাক অনুসৰণ কৰক:

বিজ্ঞাপন


বিজ্ঞাপন