13 লগতে আপোনালোকৰ ভালৰ কাৰণে আজি মই আপোনালোকৰ ওচৰত যিহোৱাৰ যি সকলো আজ্ঞা আৰু বিধি আপোনালোকক দিছো, সেই সকলোকে যেন পালন কৰে।
চলোমনে পবিত্ৰ স্থানবোৰত বলিদান দিয়া আৰু ধূপ জ্বলোৱাৰ বাহিৰে, তেওঁ নিজ পিতৃ দায়ূদৰ বিধি অনুসাৰে চলিছিল, তেওঁ যিহোৱাক প্ৰেম কৰিছিল।
তুমি যদি জ্ঞানী, তেনেহ’লে তোমাৰ বাবেই তুমি জ্ঞানী, কিন্তু যদি তুমি নিন্দক, তেনেহ’লে তুমি অকলেই তাৰ ভাৰ ব’বা।”
মই তেওঁলোকক এক চিত্ত আৰু এক পথ দিম যাতে তেওঁলোকে মোক প্রতিদিনে সন্মান কৰিবৰ কাৰণে তেওঁলোক আৰু তেওঁলোকৰ পাছৰ সন্তান সকলৰ মঙ্গল হয়।
ইস্ৰায়েলীয়াসকল, আপোনালোকৰ ঈশ্বৰ যিহোৱাই এতিয়া আপোনালোকৰ পৰা কি বিচাৰিছে? তেওঁ কেৱল বিচাৰিছে যেন আপোনালোকে আপোনালোকৰ ঈশ্বৰ যিহোৱাক ভয় কৰে, তেওঁৰ সকলো পথত চলে, তেওঁক প্ৰেম কৰে, আপোনালোকৰ সকলো মন আৰু প্ৰাণেৰে সৈতে ঈশ্বৰ যিহোৱাৰ আৰাধনা কৰে;
শুনক, আকাশ আৰু তাৰ ওপৰৰ সকলোবোৰেই, পৃথিৱী আৰু তাত থকা সকলোবোৰেই আপোনালোকৰ ঈশ্বৰ যিহোৱাৰ।
আজিৰ দৰে সদায় আমাৰ মঙ্গল হবলৈ আৰু আমাক জীয়াই ৰাখিবলৈ যিহোৱাই আমাক এই সকলো নিয়ম পালন কৰিবলৈ আৰু তেওঁক ভয় কৰি চলিবলৈ আজ্ঞা দিছে।
যি কোনোৱে স্বাধীনতা স্বৰূপ সিদ্ধ বিধানৰ বাবে চাপৰি দৃষ্টি কৰি চাই থাকে আৰু শুনি পাহৰি যোৱা নহয়, কিন্তু পালন কৰোঁতা হয়, তেওঁহে নিজ কাৰ্যত ধন্য হ’ব।