Biblia Todo Logo
অনলাইন বাইবেল

- বিজ্ঞাপন -




দ্বি.বি. 1:16 - ইণ্ডিয়ান ৰিভাইচ ভাৰচন (IRV) আচামিচ - 2019

16 আপোনালোকৰ বিচাৰকসকলক সেই সময়ত মই এই আজ্ঞা দিছিলোঁ, “আপোনালোকে বাদ-বিবাদৰ সময়ত ভাইসকলৰ দুই পক্ষৰ কথা শুনি ন্যায়ভাৱে বিচাৰ কৰিব; সেই বিবাদ ইস্রায়েলীয়া ভাইসকলৰ মাজতেই হওঁক বা এজন ইস্রায়েলীয়া আৰু ভিন্ন জাতিৰ বিদেশীৰ মাজতেই হওঁক।

অধ্যায়টো চাওক কপি কৰক




দ্বি.বি. 1:16
22 পৰস্পৰ সংযোগসমূহ  

উপৰুৱাকৈ চাই বিচাৰ নকৰিব, বৰং ন্যায়-বিচাৰ কৰক।”


তোমালোকৰ স্বদেশীয় আৰু বিদেশীয় উভয়ৰ কাৰণে একে ৰূপবিধি হ’ব; কিয়নো মই তোমালোকৰ ঈশ্বৰ যিহোৱা’।”


তোমালোকে বিদেশীক অন্যায় নকৰিবা, আৰু তেওঁলোকক উপদ্ৰৱ নকৰিবা; কিয়নো মিচৰ দেশত তোমালোকো বিদেশী হৈ আছিল।


যি সকল এই জগতত ধনৱন্ত, তেওঁলোকক এই আজ্ঞা দিয়া যে, তেওঁলোক উচ্চমনা নহওক আৰু তেওঁলোকে অনিশ্চিত ধন-সম্পদত ভাৰসা নকৰক৷ যি ঈশ্বৰে, আমি ভোগ কৰিবলৈ সকলোকে বাহুল্যৰূপে আমাক দিছে, সেই ঈশ্বৰত ভাৰসা কৰক৷


ঈশ্বৰ, খ্ৰীষ্ট যীচু আৰু মনোনীত দূত সকলৰ সাক্ষাতে মই তোমাক এইবোৰ বিধান মানি চলিবলৈ দৃঢ় আজ্ঞা দিছোঁ৷ কিন্তু সম্পূর্ণ সত্য নজনাকৈ তুমি কোনো বিচাৰ নকৰিবা আৰু পক্ষপাতেৰে একো নকৰিবা।।


তোমালোকে বাস্তৱিকতে ধৰ্মৰ কথা কবলগীয়া সময়ত নীৰৱ হৈ থকা নাই নে? হে শাসকসকল, তোমালোকে জানো ন্যায় ভাৱে ন্যায় বিচাৰ কৰা?


ইস্ৰায়েলৰ ঈশ্বৰে ক’লে, ‘ইস্ৰায়েলৰ শিলাই মোক ক’লে, লোকসকলৰ ওপৰত যি জনে ন্যায়ৰূপে ৰাজত্ব কৰে, যি জনে ঈশ্বৰলৈ ভয় ৰাখি শাসন কৰে,


পাছত যিহোৱাই মোচিক ক’লে, “এতিয়া তোমাৰ মৃত্যুৰ সময় ওচৰ চাপি আহিছে; যিহোচূৱাক মাতি আনি তুমি সাক্ষাৎ তম্বুত উপস্থিত হোৱা। সেই ঠাইতে মই যিহোচূৱাক তেওঁৰ কার্যৰ আজ্ঞা দিম।” সেয়ে মোচি আৰু যিহোচূৱা গৈ সাক্ষাৎ কৰা তম্বুত উপস্থিত হ’ল।


সেইদিনা মোচিয়ে লোকসকলক এই আজ্ঞা কৰিলে,


আপোনালোকে ভাড়ালৈ অনা কোনো দুখীয়া আৰু অভাৱী দাসৰ প্রতি অন্যায় নকৰিব - তেওঁ আপোনালোকৰ কোনো ইস্রায়েলীয়া ভাইয়ে হওক, বা আপোনালোকৰ দেশত নগৰৰ দুৱাৰৰ ভিতৰত থকা কোনো বিদেশীয়েই হওক।


আৰু ইলিয়াজৰ পুৰোহিত আৰু গোটেই মণ্ডলীৰ আগত তেওঁক উপস্থিত কৰি তেওঁলোকৰ আগতে তেওঁলোকক আগবঢ়াই নিবলৈ তেওঁক আদেশ দিয়া।


তোমালোকে বিচাৰত অন্যায় নকৰিবা; বিচাৰত তুমি দুখীয়াৰ মুখলৈ নাচাবা আৰু সম্ভ্ৰান্ত লোকক সমাদৰ নকৰিবা; কিন্তু তুমি ধাৰ্মিক ভাৱে নিজ চুবুৰীয়াৰ বিচাৰ নিস্পত্তি কৰিবা।


আপোনালোকে জানে, পিতৃয়ে নিজৰ সন্তান সকলক ব্যৱহাৰ কৰাৰ দৰে আমিও আপোনালোকৰ প্ৰতিজনক উপদেশ, উৎসাহ আৰু সান্ত্বনা দৃঢ়ভাবে দিছিলোঁ যাতে,


ই আপোনাৰ পৰা দূৰ হওক! ধাৰ্মিক আৰু দুষ্টৰ প্রতি একে ধৰণৰ ব্যৱহাৰ কৰি, দুষ্টৰ লগত ধাৰ্মিকৰ প্ৰাণ লোৱা এনে কৰ্ম আপোনাৰ পৰা দূৰ হওক; সমুদায় পৃথিৱীৰ বিচাৰকর্তাজনাই জানো ন্যায়-বিচাৰ নকৰিব?”


সেয়ে মই আপোনালোকৰ ফৈদবোৰৰ পৰা জ্ঞানৱান আৰু সুখ্যাতিপূর্ণ লোকসকলক লৈ আপোনালোকৰ ওপৰত মুখিয়াল পাতিলো। প্রত্যেক ফৈদৰ পৰা হাজাৰপতি, শতপতি, পঞ্চাশপতি, দশপতি আৰু অন্যান্য পদাধিকাৰী ব্যক্তিক নিযুক্ত কৰিলোঁ।


যদি লোকসকলৰ মাজত বিবাদ হয় আৰু সেই বিবাদ আদালতলৈ নিয়া হয়, তেন্তে বিচাৰকসকলে বিচাৰ কৰি তেওঁলোকৰ নিৰ্দোষীক নিৰ্দোষ আৰু দোষীক দোষী কৰিব;


আৰু ন্যায়ৰ জোখেৰে বিচাৰ কৰা, আৰু দৰিদ্ৰ আৰু অভাৱী লোকৰ বাবে আত্মসমৰ্থন কৰা।


আমাক অনুসৰণ কৰক:

বিজ্ঞাপন


বিজ্ঞাপন