13 আপোনালোকে আপোনালোকৰ প্রত্যেকটো ফৈদৰ পৰা কেইজনমান জ্ঞানৱান, বিজ্ঞ আৰু সুখ্যাতিপূর্ণ লোকক বাচি লওঁক; মই আপোনালোকৰ ওপৰত তেওঁলোকক মুখিয়াল পাতিম।”
তুমি এই লোকসকলৰ মাজৰ পৰা সক্ষম, ঈশ্বৰক সন্মান কৰা, আৰু অন্যায় ঘৃণা কৰা, সত্যবাদী লোকক মনোনীত কৰা। লোকসকলৰ ওপৰত তেওঁলোকক সহস্ৰপতি, শতপতি, পঞ্চাশপতি, আৰু দশপতি নিযুক্ত কৰা।
কিন্তু মই অকলে কেনেকৈ আপোনালোকৰ সকলো বাদ-বিবাদ মীমাংসা কৰাৰ ভাৰ আৰু বোজা বহন কৰিম?
আপোনালোকে তাৰ উত্তৰত মোক কৈছিল, “আপুনি যি কথা কৈছে তাকে কৰা ভাল।”
এই হেতুকে এতিয়া ফৰৌণ ৰজাই এনে এজন বুদ্ধিমান জ্ঞানী মানুহ বিচাৰি আনক, তেওঁক আনি আপুনি মিচৰ দেশৰ ওপৰত নিযুক্ত কৰক।