16 তাৰ পাছত মই থিয় হৈ থকাসকলৰ মাজৰ এজনৰ ওচৰলৈ গ’লো, আৰু এই সকলো বিষয়ৰ অর্থ দেখুৱাবলৈ তেওঁক কলোঁ।
তেওঁৰ সন্মুখেৰে এখন অগ্নিৰ নৈ বৈ গৈছিল; হাজাৰ হাজাৰে তেওঁৰ পৰিচৰ্যা কৰিছিল, আৰু অযুত অযুত দূতে তেওঁৰ আগত থিয় হৈছিল; ন্যায়ালয়ৰ সভা বহিছিল, আৰু পুথিবোৰ খোলা আছিল।
এই প্রকাণ্ড জন্তু চাৰিটা হ’ল, পৃথিৱীৰ পৰা আহিব লগা চাৰিজন ৰজা।
তাতে মই থিয় হৈ থকা ঠাইৰ ওচৰলৈ তেওঁ আহিল। তেওঁ যেতিয়া আহিল, মই শঙ্কিত হলোঁ, আৰু মাটিত উবুৰি হৈ পৰিলোঁ। তেওঁ মোক ক’লে, “হে মানুহৰ সন্তান, বুজি লোৱা, কিয়নো এই দৰ্শন শেষৰ সময়ৰ বিষয়ে।”
তেওঁ মোক বিবেচনা শক্তি দিলে, আৰু মোক ক’লে, “হে দানিয়েল, তোমাক বিবেচনা শক্তি আৰু অন্তৰ্দৃষ্টি দিবলৈ মই আহিলোঁ।
তেতিয়া মোৰ লগত কথা হোৱা দূতজনক মই সুধিলোঁ, “এইবোৰ কি?” তেতিয়া তেওঁ মোক উত্তৰ দি ক’লে, “যিহূদা, ইস্ৰায়েল আৰু যিৰূচালেমক ছিন্ন-ভিন্ন কৰা শিং এইবোৰ।”
তেতিয়া মোৰে সৈতে কথা হোৱা দূতজন আগবাঢ়ি গ’ল, আৰু আন এজন দূতে তেওঁৰ লগত সাক্ষাৎ কৰিবলৈ ওলাই আহিল।
“বাহিনীসকলৰ যিহোৱাই এই কথা কৈছে: তুমি যদি মোৰ পথত চলা, আৰু মোৰ আজ্ঞাবোৰ যদি পালন কৰা, তেনেহ’লে তুমি মোৰ গৃহটিৰ কাৰ্য চলাবা আৰু মোৰ চোতালখন ৰাখিবা; কাৰণ মোৰ আগত থিয় হৈ থকা এই লোকসকলৰ মাজত, মই তোমাক অহা যোৱা কৰিবলৈ অধিকাৰ দিম।
কিন্তু সেই পৰিচাৰক সকলৰ এজনে মোক ক’লে, “তুমি ক্ৰন্দন নকৰিবা; চোৱা! যি জন যিহূদা ফৈদৰ সিংহ আৰু দায়ুদৰ মূলস্বৰূপ, তেওঁ জয়যুক্ত হৈ সেই নুৰা আৰু তাৰ সাতোটা ছাব মেলিবলৈ সমৰ্থ হ’ল”।