দানি 6:8 - ইণ্ডিয়ান ৰিভাইচ ভাৰচন (IRV) আচামিচ - 20198 এতিয়া মহাৰাজ এই আজ্ঞা জাৰি কৰক, আৰু এই নথি-পত্রত চহী কৰক; যাতে মাদীয়া ও পাৰসীকসকলৰ বিধানৰ দ্বাৰাই পৰিচালিত হৈ এই আজ্ঞা সলনি নহয়। অধ্যায়টো চাওক |
তাৰ পাছত তেওঁলোকে ৰজাৰ ওচৰলৈ গ’ল আৰু তেওঁৰ আজ্ঞাৰ বিষয়ে ক’লে, “হে মহাৰাজ, যি কোনো মানুহে ত্ৰিশদিনলৈকে আপোনাৰ বাহিৰে আন কোনো দেৱতা বা মানুহৰ আগত প্ৰাৰ্থনা কৰিব, তেওঁক সিংহৰ গাতত পেলোৱা যাব, এনে আজ্ঞা আপুনি দিয়া নাছিল নে?” ৰজাই উত্তৰ দিলে, হয়, মাদীয়া আৰু পাৰসীসকলৰ বিধানৰ অনুসাৰে সেই কথা স্থিৰ কৰা হৈছিল; এই আজ্ঞা সলনি কৰা নহব।”
তাৰ পাছত প্ৰথম মাহৰ তেৰ দিনৰ দিনা ৰজাৰ লিখক সকলক মাতি পঠিওৱা হ’ল। সেই দিনা হামনে দিয়া আজ্ঞা অনুসাৰে যি সকল লোক সকলো প্রদেশৰ ওপৰত আৰু বিভিন্ন লোকৰ দেশাধ্যক্ষ, আৰু সকলো লোকৰ কৰ্মচাৰী সকলক, প্ৰত্যেক প্ৰদেশৰ নিজৰ আখৰ, আৰু প্ৰত্যেক লোকৰ নিজৰ ভাষা অনুসাৰে পত্ৰ লিখিবলৈ আৰু ৰজাৰ আঙুঠিৰে মোহৰ মাৰিবলৈ দিয়া হ’ল।