দানি 6:25 - ইণ্ডিয়ান ৰিভাইচ ভাৰচন (IRV) আচামিচ - 201925 তেতিয়া ৰজা দাৰিয়াবচে গোটেই পৃথিৱীত বাস কৰা সকলো দেশৰ লোক, আৰু সকলো ভাষাৰ লোকলৈ এই পত্ৰ লিখিলে: “তোমালোকৰ মাজত শান্তি বৃদ্ধি হওক। অধ্যায়টো চাওক |
তাৰ পাছত তৃতীয় মাহৰ তেইশ দিনৰ দিনা ৰাজ লিখক সকলক মতা হৈছিল। মৰ্দখয়ে যিহুদী লোকসকলৰ বিষয়ে চিন্তা কৰি তেওঁ নিজৰ সকলো ক্ষমতাৰে আজ্ঞা পত্র লিখিবলৈ দিছিল। ভাৰতবৰ্ষৰ পৰা কুচ দেশলৈকে এশ সাতাইশ খন প্ৰদেশ, প্ৰত্যেক প্ৰদেশৰ আখৰ আৰু প্ৰত্যেক জাতিৰ ভাষা অনুসাৰে প্রদেশৰ দেশাধ্যক্ষ আৰু কৰ্মচাৰী সকললৈ; আৰু প্রত্যেক প্রদেশ অনুসাৰে তেওঁলোকৰ নিজৰ আখৰ আৰু প্রত্যেক লোকৰ ভাষা অনুসাৰে তেওঁলোকৰ নিজৰ ভাষাৰে আজ্ঞা পত্ৰ লিখা হৈছিল। ইহুদী লোকসকললৈ তেওঁলোকৰ নিজৰ আখৰ আৰু ভাষাৰে লিখা হৈছিল।
তাৰ পাছত প্ৰথম মাহৰ তেৰ দিনৰ দিনা ৰজাৰ লিখক সকলক মাতি পঠিওৱা হ’ল। সেই দিনা হামনে দিয়া আজ্ঞা অনুসাৰে যি সকল লোক সকলো প্রদেশৰ ওপৰত আৰু বিভিন্ন লোকৰ দেশাধ্যক্ষ, আৰু সকলো লোকৰ কৰ্মচাৰী সকলক, প্ৰত্যেক প্ৰদেশৰ নিজৰ আখৰ, আৰু প্ৰত্যেক লোকৰ নিজৰ ভাষা অনুসাৰে পত্ৰ লিখিবলৈ আৰু ৰজাৰ আঙুঠিৰে মোহৰ মাৰিবলৈ দিয়া হ’ল।