Biblia Todo Logo
অনলাইন বাইবেল

- বিজ্ঞাপন -




দানি 6:13 - ইণ্ডিয়ান ৰিভাইচ ভাৰচন (IRV) আচামিচ - 2019

13 তেতিয়া তেওঁলোকে ৰজাৰ আগত উত্তৰ দি ক’লে, “হে মহাৰাজ, দেশান্তৰিত যিহুদীসকলৰ মাজত যি দানিয়েল, তেওঁ আপোনাক, বা আপুনি চহী কৰা আজ্ঞাক নামানে। তেওঁ নিজৰ ঈশ্বৰক প্ৰতিদিনে তিনিবাৰ প্ৰাৰ্থনা কৰে।”

অধ্যায়টো চাওক কপি কৰক




দানি 6:13
9 পৰস্পৰ সংযোগসমূহ  

ইয়াত বাবিল প্ৰদেশৰ ৰাজ কাৰ্যত আপুনি নিযুক্ত কৰা চদ্ৰক, মৈচক, আৰু অবেদ-নেগো নামেৰে কেইজনমান যিহূদীলোক আছে; তেওঁলোকে আপোনাৰ কথালৈ মনোযোগ দিয়া নাই। তেওঁলোকে আপোনাৰ দেৱতাবোৰক সেৱা নকৰে, আৰু আপুনি স্থাপন কৰা সোণৰ মূৰ্তিক সাষ্টাঙ্গে প্রণিপাত নকৰে।”


তেতিয়া পিতৰ আৰু আন পাঁচনি সকলে উত্তৰ দি কলে, “আমি মানুহৰ নহয়, ঈশ্বৰৰহে আজ্ঞা মনা উচিত।


তেতিয়া অৰিয়োকে বেগাই দানিয়েলক ৰজাৰ ওচৰলৈ লৈ গ’ল আৰু ৰজাক ক’লে, “দেশান্তৰিত যিহূদীসকলৰ মাজত মই এইজন মানুহ পালোঁ, যি জনে ৰজাৰ সপোনৰ ফলিতা ক’ব।”


তাৰ পাছত দানিয়েলক ৰজাৰ ওচৰলৈ অনা হ’ল, ৰজাই দানিয়েলক ক’লে, “মোৰ পিতৃ মহাৰাজে যিহূদা দেশৰ পৰা অনা দেশান্তৰিত যিহূদী লোকসকলৰ মাজত যি দানিয়েল আছিল, সেই দানিয়েল আপুনিয়ে নে?


তাৰ পাছত হামনে ৰজা অহচবেৰোচক ক’লে, “আপোনাৰ ৰাজ্যৰ সকলো প্ৰদেশৰ মাজত কিছুমান লোক ছিন্ন-ভিন্ন হৈ বিভিন্ন স্থানত আছে। তেওঁলোকৰ বিধি আন লোকসকলৰ পৰা পৃথক; আৰু তেওঁলোকে ৰজাৰ বিধি পালন নকৰে। সেয়ে তেওঁলোকক ৰজাই থাকিবলৈ দিয়া উচিত নহয়।


তেওঁলোকৰ মাজত যিহূদা-বংশৰ দানিয়েল, হননিয়া, মীচায়েল, আৰু অজৰিয়াও আছিল।


আৰু যাচোনে তেওঁলোকক আলহী কৰি ৰাখিছে। এই লোক সকলে চীজাৰৰ আজ্ঞা অমান্য কৰি কৈ ফুৰিছে যে, যীচু নামৰ আন এজন ৰজা আছে।”


সেই সময়ত কলদীয়া মানুহ কেইজনমান আহিল, আৰু যিহূদীসকলৰ অহিতে অভিযোগ কৰিলে।


কিন্তু যি জনে উবুৰি হৈ সেৱা নকৰিব, তেওঁক প্ৰজ্বলিত অগ্নিকুণ্ডত পেলোৱা হ’ব।


আমাক অনুসৰণ কৰক:

বিজ্ঞাপন


বিজ্ঞাপন