Biblia Todo Logo
অনলাইন বাইবেল

- বিজ্ঞাপন -




দানি 5:29 - ইণ্ডিয়ান ৰিভাইচ ভাৰচন (IRV) আচামিচ - 2019

29 তাৰ পাছত বেলচচৰে আজ্ঞা দিলে, আৰু তেওঁলোকে দানিয়েলক বেঙেনা বৰণীয়া বস্ত্ৰ, তেওঁৰ ডিঙিত সোণৰ হাৰ পিন্ধালে; আৰু ৰাজ্যৰ তৃতীয় শ্ৰেণীৰ শাসকৰ ক্ষমতা তেওঁৰ থাকিব বুলি ৰজাই ঘোষণা কৰিলে।

অধ্যায়টো চাওক কপি কৰক




দানি 5:29
7 পৰস্পৰ সংযোগসমূহ  

মই শুনিছোঁ যে, আপুনি অৰ্থ বুজাব পাৰে, আৰু সমস্যা সামাধান কৰিব পাৰে। সেয়ে এতিয়া যদি আপুনি এই লিখা কথাখিনি পঢ়িব পাৰিব, আৰু ইয়াৰ অৰ্থ মোক বুজাব পাৰিব, তেনেহ’লে আপোনাক বেঙেনা বৰণীয়া বস্ত্র পৰিধান কৰোঁৱা হ’ব, আপোনাৰ ডিঙিত সোণৰ হাৰ পিন্ধোৱা হ’ব, আৰু আপোনাক ৰাজ্যৰ তৃতীয় শ্ৰেণীৰ শাসকৰ ক্ষমতা দিয়া হ’ব।


ৰজাই বৰকৈ চিঞৰী, মৃতলোকৰ লগত কথা পতা বুলি দাবী কৰা সকলক, জ্ঞানীলোকক, আৰু জ্যোতিষী সকলক আনিবলৈ আজ্ঞা দিলে। ৰজাই বাবিলত নিজৰ জ্ঞানসম্পন্নতাৰ দ্বাৰাই পৰিচিত লোকসকলক ক’লে, “যি কোনোৱে ইয়াত লিখা কথা আৰু ইয়াৰ অৰ্থ মোক ব্যাখ্যা কৰি বুজাব, তেওঁক বেঙেনা বৰণীয়া বস্ত্র পিন্ধোৱা হ’ব, আৰু তেওঁৰ ডিঙিত সোণৰ হাৰ দিয়া হ’ব। তেওঁক ৰাজ্যৰ তৃতীয় শ্ৰেণীৰ শাসকৰ ক্ষমতা দিয়া হ’ব।


তেওঁলোক তোমাৰ মুৰৰ বাবে কৰুণাময় মালাৰ দৰে হ’ব, আৰু তোমাৰ ডিঙিত ওলমি থকা মালাৰ লকেটৰ দৰে হ’ব।


তেতিয়া ৰজাই দানিয়েলক অধিক সন্মান কৰিলে, আৰু অনেক আচৰিতজনক উপহাৰবোৰ দিলে। তেওঁ গোটেই বাবিল দেশৰ ওপৰত দানিয়েলক শাসনকৰ্ত্তা নিযুক্ত কৰিলে। দানিয়েল বাবিলত থকা সকলো জ্ঞানী লোকৰ ওপৰত প্ৰধান অধ্যক্ষ হ’ল।


তেওঁলোকৰ ওপৰত তিনি জন প্রধান বিষয়া নিযুক্ত কৰিলে, আৰু তেওঁলোকৰ মাজত দানিয়েল এজন আছিল। ৰজাই যাতে কোনো প্রকাৰৰ ক্ষতি বহন কৰিবলগীয়া নহয় সেই বাবে এই প্রশাসক সকলৰ ওপৰত তত্ত্বাৱধান কৰিবলৈ প্রাদেশিক সকলক নিযুক্ত কৰিছিল।


পাছত ফৰৌণে নিজৰ হাতৰ পৰা মোহৰ মৰা আঙঠি সোলোকাই যোচেফৰ হাতৰ আঙুলিত পিন্ধাই দিলে। তেওঁক আৰু মিহি শণ সূতাৰ কাপোৰ পিন্ধাই, ডিঙিত সোণৰ অলঙ্কাৰও দিলে।


যিহুদী মৰ্দখয় ৰজা অহচবেৰোচ দ্বিতীয় স্থানত আছিল। যিহুদী লোক সকলৰ মাজত তেওঁ মহৎ আছিল, আৰু তেওঁৰ অনেক যিহুদী ভাই সকলৰ মাজত জনাজাত আছিল। কিয়নো তেওঁ নিজৰ লোক সকলৰ হিত চিন্তা কৰিছিল; আৰু তেওঁলোকৰ শান্তিৰ বাবে কথা কৈছিল।


আমাক অনুসৰণ কৰক:

বিজ্ঞাপন


বিজ্ঞাপন