25 লিখা কথা খিনি এই, “মিনে, মিনে, তিকেল, উফৰ্চীন।”
পাছত যিহোৰামলৈ এলিয়া ভাববাদীৰ পৰা এখন পত্ৰ আহিল৷ তাত এইদৰে কৈছিল, “তোমাৰ ওপৰ পিতৃ দায়ূদৰ ঈশ্বৰ যিহোৱাই এই কথা কৈছে: তুমি তোমাৰ পিতৃ যিহোচাফটৰ পথত বা যিহূদাৰ আচা ৰজাৰ পথত নচলিলা,
তোমাৰ আড়ম্বৰ আৰু তোমাৰ নেবল যন্ত্ৰৰ বাদ্য চিয়োললৈ নমোৱা হ’ল, তোমাৰ চাৰিওফালে পোকবোৰ সিঁচৰিত হ’ল, আৰু কেঁচুবোৰে তোমাক ঢাকিলে।’
বিপর্যয়ে তোমাক পৰাজিত কৰিব; তুমি তন্ত্র-মন্ত্ৰেৰে তাক দূৰ কৰিব নোৱাৰিবা। বিপর্যয় তোমাৰ ওপৰত পৰিব; তুমি তাৰ পৰা ৰক্ষা পাবলৈ সক্ষম নহবা। তুমি জনাৰ পূর্বেই, দুর্যোগে তোমাক আঘাত কৰিব।
আৰু তেওঁৰ নিজ দেশৰ সময় শেষ নোহোৱালৈকে সকলো জাতিয়ে তেওঁৰ, তেওঁৰ পুতেকৰ আৰু তেওঁৰ নাতিয়েকৰ বন্দী-কাম কৰিব; সেই সময় হ’লে অনেক জাতি আৰু মহান ৰজাসকলে তেওঁক তেওঁলোকৰ বন্দী-কাম কৰোৱাব।
সেই বাবে ঈশ্বৰৰ সন্মুখৰ পৰা এখন হাত পঠালে, আৰু এই কথাখিনি লিখা হ’ল।
কথাখিনিৰ অৰ্থ এই: মিনে, ঈশ্বৰে আপোনাৰ ৰাজ্য গণনা কৰি, তাৰ অন্ত কৰিলে;
যিজনে তোমাৰ অহিতে দাঁতকৰচে, সেই জনে অকস্মাতে তোমাৰ অহিতে উঠে, আৰু যিজনে তোমাক আতঙ্কিত কৰে, সেই জনে জাগ্রত নহ’ব নে? তুমি তেওঁলোকৰ বাবে প্রতাৰিত লোক হ’বা!
তেওঁ নিজ বাহুৰ দ্বাৰাই পৰাক্ৰমী কর্ম কৰিলে। নিজ নিজ অন্তৰত অহংকাৰ কৰা সকলক তেওঁ ছিন্ন-ভিন্ন কৰিলে।
কিন্তু ঈশ্বৰে তেওঁক ক’লে, ‘হে নির্ব্বোধ লোক, আজি ৰাতি তোমাৰ প্ৰাণ নিয়া হব৷ তাতে যিবোৰ বস্তু যুগুত কৰি থলা, সেইবোৰ কাৰ হ’ব?
যিহোৱাই তোমাক আৰু ইস্ৰায়েলকো পলেষ্টীয়াসকলৰ হাতত শোধাই দিব। কাইলৈ তুমি আৰু তোমাৰ পুত্ৰসকলো মোৰ লগ হ’বা; যিহোৱাই ইস্ৰায়েলৰ সৈন্য-সামন্ত সকলকো ফিলিষ্টীয়া সকলৰ হাতত সমৰ্পণ কৰিব।”