Biblia Todo Logo
অনলাইন বাইবেল

- বিজ্ঞাপন -




দানি 4:12 - ইণ্ডিয়ান ৰিভাইচ ভাৰচন (IRV) আচামিচ - 2019

12 তাৰ পাতবোৰ ধুনীয়া, তাৰ ফল প্রচুৰ পৰিমাণৰ আছিল আৰু সকলোৱে বাবে খাব পৰা আছিল। তাৰ তলত বনৰীয়া জন্তুবোৰে ছাঁ লৈছিল, তাৰ ডালবোৰত আকাশৰ চৰাইবোৰে বাঁহ লৈছিল, আৰু সকলো জীৱিত প্ৰাণীয়ে তাৰ পৰা আহাৰ পাইছিল।

অধ্যায়টো চাওক কপি কৰক




দানি 4:12
13 পৰস্পৰ সংযোগসমূহ  

ই হল এটা সৰু সৰিয়হৰ বীজৰদৰে; এজন লোকে সেইবোৰ আনি নিজৰ বাগিছাত সিঁচিলে আৰু তাৰ পৰা গজালি ওলাই বাঢ়ি এজোপা ডাঙৰ গছ হৈ উঠিল; তাতে আকাশৰ চৰাইবোৰে আহি তাৰ ডালবোৰত বাহ সাজিলে।”


ইস্ৰায়েলৰ ওখ পৰ্ব্বতখনতেই মই তাক ৰুম; তেতিয়া সি ডাল মেলিব আৰু ফল ধৰি এজোপা উত্তম এৰচ গছ হ’ব; যাতে সকলো বিধৰ চৰাইয়ে তাৰ তলত বাস কৰিব আৰু তাৰ ডালবোৰৰ ছাঁত সিহঁতে বাস কৰিব।


আমাৰ নাকৰ নিশ্বাসস্বৰূপ যিহোৱাৰ সেই অভিষিক্ত জনক সিহঁতৰ গাতত ধৰা হ’ল, যি জনৰ বিষয়ে আমি কৈছিলোঁ, “জাতি সমূহৰ মাজত আমি তেওঁৰ ছাঁত জীয়াই থাকিম।”


কিন্তু পিতৃৰ বাহিৰে সেই সময় বা দিনৰ প্ৰসংগত কোনো এজনে নাজানে, সেয়া স্বৰ্গৰ দূতেই হওক বা পুত্ৰই হওক৷


সকলো বীজৰ মাজত ই অৱশ্যে আটাইতকৈ সৰু; কিন্তু বৃদ্ধি পোৱাৰ পাছত ই শাক-পাচলিৰ গছবোৰৰ মাজত সকলোতকৈ ডাঙৰ হৈ এজোপা গছ হয় আৰু আকাশৰ চৰায়ে আহি তাৰ ডালত বাস কৰে।”


কিন্তু সেই বীজ সিচাঁৰ পাছত, সি গজি বাঢ়ি আটাই উদ্ভিদতকৈ ডাঙৰ হয় আৰু ইমান ডাঙৰ ডাঙৰ ডাল ধৰে যে আকাশৰ চৰাইবোৰেও আহি তাৰ ছাঁত বাস কৰিব পাৰে।”


যিসকলে তাৰ বাহুস্বৰূপ আছিল, যিসকলে জাতিবোৰৰ মাজত তাৰ ছাঁত বাস কৰিছিল, তেওঁলোকো তৰোৱালৰ দ্বাৰাই হত হোৱা লোকৰ গুৰিলৈ তাৰে সৈতে চিয়োললৈ নামি গ’ল।


তেওঁ চিঞৰী ক’লে, “গছজোপা কাটা, আৰু তাৰ ডালবোৰ কাটি পেলোৱা, তাৰ পাতবোৰ চুঁচি পেলোৱা, আৰু তাৰ ফলবোৰ সিঁচৰিত কৰি পেলোৱা। তাৰ তলৰ পৰা জন্তুবোৰ, আৰু তাৰ ডালবোৰৰ পৰা পক্ষীবোৰ পলাই যাওক।


তেওঁ পৃথিবীৰ লোক-সমাজৰ মুখ্যসকলৰ বুদ্ধি দূৰ কৰে, আৰু পথ নোহোৱা অৰণ্যৰ মাজেদি তেওঁলোকক ভ্ৰমণ কৰায়।


কিয়নো গছৰ আশা আছে, তাক কাটিলেও সি আকৌ পোখা মেলে, আৰু তাৰ কোমল গজালিৰ অভাৱ নহয়।


তথাপি পানীৰ গোন্ধ পালে তাৰ গজালি ওলায়, আৰু নতুনকৈ ৰোৱা গছপুলিৰ দৰে ডাল-পাত মেলে।


আমাক অনুসৰণ কৰক:

বিজ্ঞাপন


বিজ্ঞাপন