Biblia Todo Logo
অনলাইন বাইবেল

- বিজ্ঞাপন -




দানি 4:11 - ইণ্ডিয়ান ৰিভাইচ ভাৰচন (IRV) আচামিচ - 2019

11 সেই গছ বৃদ্ধি হৈ বৃহৎ হ’ল, আৰু তাৰ আগভাগে আকাশ ঢুকি পোৱা হ’ল; আৰু সমগ্র পৃথিৱীৰ প্রান্তৰ পৰা তাক দেখা গ’ল।

অধ্যায়টো চাওক কপি কৰক




দানি 4:11
6 পৰস্পৰ সংযোগসমূহ  

হে ইস্ৰায়েলীয়াসকল শুনক; যি সকলো জাতি আপোনালোকতকৈ বৃহৎ আৰু শক্তিশালী, আপোনালোকে এতিয়া তেওঁলোকৰ আকাশলঙ্ঘা দেৱালেৰে আবৃত বৃহৎ নগৰবোৰ অধিকাৰ কৰিবৰ কাৰণে যৰ্দ্দন নদী পাৰ হ’বলৈ গৈ আছে।


তুমি, কফৰনাহূম! তুমি ভাৱা নেকি যে তোমাক স্বৰ্গলৈ তোলা হ’ব? কেতিয়াও নহয়, তোমাক মৃতলোকলৈ, অৰ্থাৎ নৰকলৈহে অনা হ’ব। কিয়নো তোমাৰ মাজত যিবোৰ পৰাক্ৰম কাৰ্য কৰা হ’ল, সেইবোৰ কৰ্ম যদি চদোমত কৰা হ’লহেতেন, তেনেহলে চদোম আজিও থাকিলেহেতেন।


তেওঁলোকে ক’লে, “আহাঁ, আমি নিজৰ কাৰণে এখন নগৰ নির্ম্মাণ কৰোঁ আৰু এনে এটা উচ্চ স্তম্ভ নিৰ্ম্মাণ কৰোঁহক যাৰ চূড়াই আকাশ চুব পাৰে। আমি আমাৰ নাম খ্যাতিমন্ত কৰোঁহক, নহ’লে আমি গোটেই পৃথিৱীতে সিচঁৰিত হৈ পৰিম।”


এই হেতুকে ওখই সি পথাৰৰ আটাই গছতকৈ ওখ আছিল; সি পঠোৱা অনেক পানীৰ কাৰণে তাৰ ডালবোৰ বৃদ্ধি হৈছিল, আৰু প্রচুৰ জল পোৱাত তাৰ শাখাবোৰ দীঘল আৰু অনেক হৈছিল।


আৰু জাতিবোৰৰ ভয়ানক বিদেশীসকলে তেওঁক কাটি এৰি থৈ গ’ল। পৰ্ব্বতবোৰৰ ওপৰত আৰু আটাই উপত্যকাত তাৰ ডালবোৰ পৰি আছে, আৰু দেশৰ আটাই জুৰিবোৰৰ কাষত তাৰ শাখবোৰ ভাগি গ’ল। আৰু তেতিয়া পৃথিৱীৰ সকলো জাতিবোৰে তেওঁৰ ছাঁৰ পৰা নামি গ’ল আৰু এৰি গুচি গ’ল।


আমাক অনুসৰণ কৰক:

বিজ্ঞাপন


বিজ্ঞাপন