Biblia Todo Logo
অনলাইন বাইবেল
- বিজ্ঞাপন -




দানি 3:24 - ইণ্ডিয়ান ৰিভাইচ ভাৰচন (IRV) আচামিচ - 2019

24 তাৰ পাছত ৰজা নবূখদনেচৰে আচৰিত হৈ বেগাই থিয় হ’ল। তেওঁ তেওঁৰ পৰামৰ্শদাতা সকলক সুধিলে, “আমি তিনি জন মানুহক বান্ধি জুইত পেলোৱা নাছিলো নে?” তেওঁলোকে উত্তৰ দি ক’লে, “হয় মহাৰাজ।”

অধ্যায়টো চাওক কপি কৰক




দানি 3:24
18 পৰস্পৰ সংযোগসমূহ  

আহাবৰ বংশৰ লোকসকলৰ নিচিনাকৈ তেওঁ যিহোৱাৰ দৃষ্টিত কু-আচৰণ কৰিছিল, কাৰণ তেওঁৰ পিতৃৰ মৃত্যুৰ পাছত তেওঁলোকেই তেওঁৰ পৰামর্শ দিওঁতা অাছিল, আৰু তেওঁলোকেই তেওঁক বিনাশ কৰিলে।


ইয়াৰ উত্তৰ যদি আছে, তেনেহ’লে মহাৰাজ, আমি যি জনাৰ সেৱা কৰোঁ, আমাৰ সেই ঈশ্বৰে প্ৰজ্বলিত অগ্নিকুণ্ডৰ পৰা আমাক ৰক্ষা কৰিবলৈ সমৰ্থ, আৰু তেওঁ আমাক আপোনাৰ হাতৰ পৰা উদ্ধাৰ কৰিব পাৰে।


চদ্ৰক, মৈচক আৰু অবেদ-নেগো, এই তিনি জন লোক বন্ধা অৱস্থাতে অগ্নিকুণ্ডৰ ভিতৰত পৰিল।


তেতিয়া ৰজাই ক’লে, “কিন্তু মই চাৰিজন মানুহ মুকলি হৈ জুইৰ মাজত অহা-যোৱা কৰি থকা দেখিছোঁ; আৰু তেওঁলোকৰ একো ক্ষতি হোৱা নাই, আৰু চতুৰ্থ জনৰ উজ্জলতা দেৱতাৰ পুত্ৰৰ দৰে।”


হে মহাৰাজ, সেই গছজোপা আপুনিয়েই। আপুনি বৃদ্ধি হৈ অতি বলৱান হৈছে, আপোনাৰ মহিমা বৃদ্ধি পাই আকাশ ঢুকি পোৱা হৈছে; আপোনাৰ ক্ষমতা পৃথিৱীৰ অন্তলৈকে হৈছে।


এই কাৰণে, হে মহাৰাজ, মোৰ পৰামৰ্শ আপোনাৰ আগত গ্ৰাহ্য হওক; পাপ নকৰিব, আৰু সৎ কাৰ্য কৰক। নিপীড়িত সকলক দয়া কৰক আৰু আপুনি অপৰাধৰ পৰা দূৰ হওক; তাৰ দ্বাৰাই আপোনাৰ উন্নতি দীৰ্ঘকালীন হ’ব পাৰে।


হে মহাৰাজ, সৰ্ব্বোপৰি ঈশ্বৰে আপোনাৰ পিতৃ নবূখদনেচৰক ৰাজ্য, মহিমা, মৰ্যদা, আৰু ঐশ্বৰ্য দিছিল।


তেতিয়া ৰজাৰ মুখ বিবৰ্ণ হ’ল, তেওঁ চিন্তাত ব্যাকুল হ’ল; তেওঁৰ অঙ্গ-প্রত্যঙ্গই ভাৰগ্রস্ত হ’ল, আৰু তেওঁৰ আঁঠু কঁপিবলৈ ধৰিলে।


মোৰ ঈশ্বৰে তেওঁৰ দূত পঠাই সিংহবোৰৰ মুখ বন্ধ কৰিলে, আৰু সিহঁতে মোৰ অনিষ্ট কৰা নাই; কাৰণ তেওঁৰ সন্মুখত মোক নিৰ্দ্দোষী পালে; আৰু হে মহাৰাজ, আপোনাৰ সাক্ষাতেও মই কোনো দোষ কৰা নাই।”


হে মহাৰাজ, ৰাজ্যৰ সকলো প্ৰধান বিষয়া, আঞ্চলিক অধ্যক্ষ, প্রাদেশিক অধ্যক্ষ, পৰামৰ্শদাতা, আৰু দেশাধক্ষ্যসকলে একেলগে আমি আলোচনা কৰিছোঁ আৰু সিদ্ধান্ত লৈছোঁ যে, মহাৰাজে এটা আজ্ঞা জাৰি কৰি তাক পালন কৰিবলৈ জোৰ দিয়া উচিত; সেয়ে এই যে, হে মহাৰাজ, যি কোনো মানুহে ত্ৰিশ দিনৰ বাবে আপোনাৰ বাহিৰে আন কোনো দেৱতা বা মানুহৰ আগত প্ৰাৰ্থনা কৰে, সেই জনক সিংহৰ গাতত পেলোৱা হ’ব।


তেতিয়া তেওঁ বাহিৰৰ দুৱাৰত টুকুৰিওৱাত, ৰোদা নামেৰে এজনী চাকৰণীয়ে মাত দিবলৈ আহিল৷


হে মহাৰাজ, দুপৰীয়া বাটৰ মাজত সূর্যৰ ৰশ্মিতকৈয়ো দীপ্তিমান এটি পোহৰ আকাশৰ পৰা আহি মোৰ আৰু মোৰ লগত যাত্ৰা কৰি থকা লোক সকলৰ চাৰিওফালে প্ৰকাশিত হ’ল৷


হে ৰজা আগ্ৰিপ্প, আপুনি ভাৱবাদী সকলৰ কথা বিশ্বাস কৰে নে? মই জানো আপুনি বিশ্ৱাস কৰে৷”


কিন্তু উঠা, নগৰত সোমোৱা, তাতে তুমি কি কৰিব লাগিব, সেই বিষয়ে তোমাক কোৱা হ’ব।”


সেই পলেষ্টীয়াজনৰ বিৰুদ্ধে দায়ুদ ওলাই যোৱাৰ পাছত চৌল তেওঁৰ সেনাপতি অবনেৰক সুধিলে, “অবনেৰ, সেই ডেকা কাৰ পুত্র?” তাতে অবনেৰে ক’লে, “মহাৰাজ, আপোনাৰ জীৱনৰ শপত, মই ক’ব নোৱাৰোঁ।”


আমাক অনুসৰণ কৰক:

বিজ্ঞাপন


বিজ্ঞাপন