Biblia Todo Logo
অনলাইন বাইবেল

- বিজ্ঞাপন -




দানি 3:20 - ইণ্ডিয়ান ৰিভাইচ ভাৰচন (IRV) আচামিচ - 2019

20 তাৰ পাছত তেওঁ তেওঁৰ সৈন্যৰ মাজৰ কিছুমান বলী মানুহক চদ্ৰক, মৈচক আৰু অবেদ-নেগোক বান্ধি প্ৰজ্বলিত অগ্নিকুণ্ডত পেলাবলৈ আজ্ঞা দিলে।

অধ্যায়টো চাওক কপি কৰক




দানি 3:20
7 পৰস্পৰ সংযোগসমূহ  

তেতিয়া প্রায় মাজনিশা। পৌল আৰু চীলে ঈশ্বৰৰ উদ্দেশ্যে প্ৰাৰ্থনা কৰি স্তুতি-গীত গাই আছিল। আন কয়দী সকলেও তেওঁলোকে গোৱা স্তুতি-গীত শুনি আছিল।


অতিকৈ মাৰধৰ কৰাৰ পাছত তেওঁলোকক বন্দীশালত সুমুৱাই থলে আৰু কাৰাগাৰৰ অধ্যক্ষক কঢ়া পহৰা দিবলৈ আদেশ দিলে।


এতিয়াও যদি আপোনালোকে শিঙা, বাঁহী, বীণা, সুৰবাহাৰ, পেপা, আৰু সকলো ধৰণৰ বাদ্যযন্ত্ৰৰ ধ্বনি শুনাৰ সময়ত মই সজা সোণৰ মূৰ্তিত উবুৰি হৈ সাষ্টাঙ্গে প্রণিপাত কৰিবলৈ যুগুত হয়, তেনেহ’লে সকলো ভালে হ’ব; কিন্তু যদি আপোনালোকে সেৱা নকৰে, তেনেহ’লে সেই মুহূৰ্ত্ততেই আপোনালোকক প্ৰজ্বলিত অগ্নিকুণ্ডত পেলোৱা হ’ব। মোৰ হাতৰ পৰা আপোনালোকক উদ্ধাৰ কৰিব পৰা দেৱতা কোন আছে?”


নপুংসকসকলৰ অধ্যক্ষই তেওঁলোকৰ নাম সলনি কৰি দানিয়েলক বেলটচচৰ, হননিয়াক চদ্ৰক, মীচায়েলক মৈচক, আৰু অজৰিয়াক অবেদ-নগো নাম দিলে।


তাৰ পাছত নবূখদনেচৰে ক্ৰোধেৰে পৰিপূৰ্ণ হৈ চদ্ৰক, মৈচক আৰু অবেদ-নেগোৰ অহিতে মুখমণ্ডল বিকৃত কৰিলে। তেওঁ অগ্নিকুণ্ডৰ জুই নিয়মিত পৰিমাণতকৈ সাত গুণ বেছি প্ৰজ্বলিত কৰিবলৈ আজ্ঞা দিলে।


তেতিয়া সেই কেইজনক চোলা, জামা, পাগুৰি, আৰু আন আন বস্ত্রৰ সৈতে তেওঁলোকক বান্ধি অগ্নিকুণ্ডত পেলাই দিয়া হ’ল।


আমাক অনুসৰণ কৰক:

বিজ্ঞাপন


বিজ্ঞাপন