Biblia Todo Logo
অনলাইন বাইবেল
- বিজ্ঞাপন -




দানি 3:11 - ইণ্ডিয়ান ৰিভাইচ ভাৰচন (IRV) আচামিচ - 2019

11 কিন্তু যি জনে উবুৰি হৈ সেৱা নকৰিব, তেওঁক প্ৰজ্বলিত অগ্নিকুণ্ডত পেলোৱা হ’ব।

অধ্যায়টো চাওক কপি কৰক




দানি 3:11
6 পৰস্পৰ সংযোগসমূহ  

হে মহাৰাজ আপুনি এই আজ্ঞা কৰিছিল যে, প্রতিজন ব্যক্তিয়ে যেতিয়াই শিঙা, বাঁহী, বীণা, সুৰবাহাৰ, পেপা, আৰু সকলো ধৰণৰ বাদ্যযন্ত্ৰৰ বাদ্য শুনিব, তেতিয়াই সকলোৱে সোণৰ মূৰ্তিত উবুৰি হৈ সাষ্টাঙ্গে প্রণিপাত কৰিব লাগিব।


ইয়াত বাবিল প্ৰদেশৰ ৰাজ কাৰ্যত আপুনি নিযুক্ত কৰা চদ্ৰক, মৈচক, আৰু অবেদ-নেগো নামেৰে কেইজনমান যিহূদীলোক আছে; তেওঁলোকে আপোনাৰ কথালৈ মনোযোগ দিয়া নাই। তেওঁলোকে আপোনাৰ দেৱতাবোৰক সেৱা নকৰে, আৰু আপুনি স্থাপন কৰা সোণৰ মূৰ্তিক সাষ্টাঙ্গে প্রণিপাত নকৰে।”


যি সকলে সেই মুহূৰ্তত উবুৰি নহ’ব আৰু সেৱা নকৰিব, তেওঁলোকক প্ৰজ্বলিত অগ্নিকুণ্ডত পেলোৱা হ’ব।”


তেতিয়া তেওঁলোকে ৰজাৰ আগত উত্তৰ দি ক’লে, “হে মহাৰাজ, দেশান্তৰিত যিহুদীসকলৰ মাজত যি দানিয়েল, তেওঁ আপোনাক, বা আপুনি চহী কৰা আজ্ঞাক নামানে। তেওঁ নিজৰ ঈশ্বৰক প্ৰতিদিনে তিনিবাৰ প্ৰাৰ্থনা কৰে।”


হে মহাৰাজ, ৰাজ্যৰ সকলো প্ৰধান বিষয়া, আঞ্চলিক অধ্যক্ষ, প্রাদেশিক অধ্যক্ষ, পৰামৰ্শদাতা, আৰু দেশাধক্ষ্যসকলে একেলগে আমি আলোচনা কৰিছোঁ আৰু সিদ্ধান্ত লৈছোঁ যে, মহাৰাজে এটা আজ্ঞা জাৰি কৰি তাক পালন কৰিবলৈ জোৰ দিয়া উচিত; সেয়ে এই যে, হে মহাৰাজ, যি কোনো মানুহে ত্ৰিশ দিনৰ বাবে আপোনাৰ বাহিৰে আন কোনো দেৱতা বা মানুহৰ আগত প্ৰাৰ্থনা কৰে, সেই জনক সিংহৰ গাতত পেলোৱা হ’ব।


“আমি বন্দীশালৰ দু্ৱাৰ টানকৈ বান্ধি থোৱা দেখিলোঁ আৰু ৰখীয়াবোৰেও দুৱাৰত থিয় হৈ আছে; কিন্তু দুৱাৰ খুলি ভিতৰত তেওঁলোকক দেখা নাপালোঁ।”


আমাক অনুসৰণ কৰক:

বিজ্ঞাপন


বিজ্ঞাপন