Biblia Todo Logo
অনলাইন বাইবেল
- বিজ্ঞাপন -




দানি 2:30 - ইণ্ডিয়ান ৰিভাইচ ভাৰচন (IRV) আচামিচ - 2019

30 আন জীৱিত লোকতকৈ মোৰ অধিক জ্ঞান আছে বুলি যে মোৰ আগত এই বিষয় প্ৰকাশিত হ’ল, এনে নহয়, কিন্তু মহাৰাজে যাতে সপোনৰ ফলিতা, আৰু আপোনাৰ মনৰ গভীৰ চিন্তা আপুনি জানিব পাৰে, সেই বাবে মোলৈ সেই নিগূঢ় বিষয় প্রকাশিত হ’ল।

অধ্যায়টো চাওক কপি কৰক




দানি 2:30
16 পৰস্পৰ সংযোগসমূহ  

তেতিয়া যোচেফে ফৰৌণক উত্তৰ দি ক’লে, “এইটো মোৰ বাবে অসাধ্য। ঈশ্বৰেহে ফৰৌণ ৰজাৰ সপোনৰ অর্থ বুজাই দিয়াৰ লগতে মনত শান্তনা দিব।”


তুমি মোৰ উঠা আৰু বহাকো জানিছা, দূৰৈৰ পৰাই মোৰ মনৰ চিন্তা বুজি পোৱা।


মোৰ দাস যাকোবৰ আৰু মোৰ মনোনীত ইস্ৰায়েলৰ বাবে, যদিও তুমি মোক নাজানা, তথাপিও মই তোমাক নাম ধৰি মাতিলোঁ আৰু সন্মানীয় উপাধি দিলোঁ।


ঈশ্বৰে সেই চাৰি জন যুৱকক সকলো আভ্যন্তৰীণ বিষয়ৰ শিক্ষা, জ্ঞান আৰু প্রজ্ঞা দিলে। তাতে দানিয়েলে সকলো প্রকাৰৰ দৰ্শন আৰু সপোনৰ কথা বুজিব পৰা হ’ল।


ৰজাই দানিয়েলক ক’লে, “তোমাৰ ঈশ্বৰ সঁচা, ঈশ্বৰৰো ঈশ্বৰ, ৰজাৰো ৰজা, আৰু নিগূঢ় বিষয় প্রকাশ কৰিব পৰা এজনা, সেয়ে তুমি এই নিগূঢ় কথা বুজিব পাৰিছা।”


দানিয়েলে ৰজাৰ আগত নিবেদন কৰিলে, আৰু ৰজাই চদ্ৰক, মৈচক, আৰু অবেদ-নেগোকো বাবিল প্ৰদেশৰ ওপৰত ৰাজকার্যত নিযুক্ত কৰিলে; কিন্তু দানিয়েল ৰাজ প্রাসাদত থাকিল।


কাৰণ চোৱা, যি জনাই পর্বতবোৰ নিৰ্ম্মাণ কৰে, বতাহ সৃষ্টি কৰে আৰু মানুহৰ ওচৰত নিজৰ ভাব প্ৰকাশ কৰে; যি জনাই ৰাতিপুৱাৰ পোহৰক অন্ধকাৰ কৰে আৰু পৃথিবীৰ উচ্চস্থানবোৰত অহা-যোৱা কৰে, তেওঁৰ নাম বাহিনীগণৰ ঈশ্বৰ যিহোৱা।


সেই দিনৰ সংখ্যা কম নকৰা হ’লে কোনো মানুহৰ ৰক্ষা নহলহেঁতেন; কিন্তু মনোনীত লোকৰ কাৰণে সেই দিনৰ সংখ্যা কম কৰা হ’ব।


যদি প্ৰভুৱে সেই দিনৰ সংখ্যা কম নকৰে, তেনেহলে কোনো মানুহৰে ৰক্ষা নহ’ব৷ কিন্তু যি সকলক তেওঁ মনোনীত কৰিলে, যি সকলক তেওঁ বাছি ল’লে; সেই লোক সকলৰ কাৰণে তেওঁ এই দিনৰ সংখ্যা কম কৰিলে।


ইয়াকে দেখি পিতৰে লোক সকলক কলে- “হে ইস্ৰায়েলীয়া লোক সকল, আপোনালোকে কিয় ইয়াত এই কাৰ্য দেখি বিস্ময় মানিছে? আমি আমাৰ শক্তিৰে বা ভক্তিৰে এই মানুহ জনক খোজ কঢ়ালোঁ বুলি ভাবি আমাৰ ফালে কিয় একেথৰে চাই আছে?


আমি জানো যে, যি সকলে ঈশ্বৰক প্ৰেম কৰে, সেই সকল তেওঁৰ অভিপ্ৰায় অনুসাৰে আমন্ত্ৰিত, তেওঁলোকৰ বাবে তেওঁ মঙ্গলৰ অৰ্থে সকলো উত্তম কাৰ্য একেলগে কৰিছে।


কিয়নো এইবোৰ আপোনালোকৰ কাৰণেহে হৈছে, যাতে অনেক লোকে ঈশ্বৰৰ মহিমাৰ অর্থে অনুগ্রহ পায় ধন্যবাদত উপচি পৰে।


আমাক অনুসৰণ কৰক:

বিজ্ঞাপন


বিজ্ঞাপন