Biblia Todo Logo
অনলাইন বাইবেল

- বিজ্ঞাপন -




দানি 2:27 - ইণ্ডিয়ান ৰিভাইচ ভাৰচন (IRV) আচামিচ - 2019

27 তেতিয়া দানিয়েলে ৰজাৰ আগত উত্তৰ দি ক’লে, “মহাৰাজে দাবী কৰা নিগূঢ় বিষয়, জ্ঞানসম্পন্ন লোক, বা মৃতলোকৰ সৈতে কথা পতাৰ দাবী কৰাজন, বা মায়াবী, বা জ্যোতিষীৰ দ্বাৰাই প্রকাশিত হোৱা সম্ভৱ নহয়।

অধ্যায়টো চাওক কপি কৰক




দানি 2:27
12 পৰস্পৰ সংযোগসমূহ  

তাৰ পাছত ৰজাই মায়াবী আৰু যিসকলে মৃতলোকৰ সৈতে কথা পতাৰ দাবি কৰে, তেনে লোক, যাদুকৰ, আৰু জ্ঞানী লোকসকলক মাতিলে; আৰু তেওঁ দেখা সপোনৰ বিষয়ে তেওঁলোকক ক’বলৈ ইচ্ছা কৰিলে। পাছত তেওঁলোক আহিল, আৰু ৰজাৰ আগত উপস্থিত হ’ল।


যি জনাই অনৰ্থক কথা কোৱাসকলৰ লক্ষণবোৰ ব্যৰ্থ কৰে, মঙ্গলতীবোৰক বলীয়া কৰে, আৰু যি সকলে মঙ্গল চাই তেওঁলোকক অপমান কৰে, আৰু মই সেই জন যি জনে জ্ঞানীসকলৰ প্রজ্ঞা বিপৰ্যস্থ কৰে, আৰু তেওঁলোকৰ পৰামৰ্শ মুৰ্খতালৈ ৰূপান্তৰিত কৰে।


মিচৰীয়াসকলৰ আত্মা নিজৰ ভিতৰত দুৰ্ব্বল হ’ব, মই তেওঁলোকৰ মন্ত্র ধ্বংস কৰিম; তাতে তেওঁলোকে মূৰ্ত্তিবোৰৰ, ভূত পোহা, আৰু আত্মজ্ঞানীসকলৰ মন্ত্র চিঞৰীব।


তেওঁলোকে ক’লে, “আমি দুয়োজনেই এটাকৈ সপোন দেখিলোঁ; কিন্তু তাৰ অর্থ বুজাবলৈ কোনো নাই।” তেতিয়া যোচেফে তেওঁলোকক ক’লে, “সপোনৰ অর্থ কোৱাৰ ক্ষমতা জানো ঈশ্বৰৰ পৰা নহয়? আপোনালোকে অনুগ্রহ কৰি মোক কওঁকচোন।”


যেতিয়া ৰাতি পুৱাল, তেতিয়া তেওঁৰ মনটো অস্থিৰ হৈ উঠিল। তেওঁ মানুহ পঠাই মিচৰ দেশৰ শাস্ত্ৰজ্ঞ আৰু বিদ্বান লোক সকলক মতাই আনিলে আৰু ফৰৌণে তেওঁলোকৰ আগত তেওঁৰ সপোনৰ কথা ক’লে। কিন্তু কোনেও ফৰৌণক এই সপোনৰ ফলিতা দিব নোৱাৰিলে।


হে জাতিবোৰৰ মহাৰাজ, তোমাক কোনে ভয় নকৰিব? কিয়নো সেয়ে তোমাৰে বাবে উপযুক্ত, কাৰণ জাতিবোৰৰ সকলো জ্ঞানী লোকৰ মাজত আৰু তেওঁলোকৰ সকলো ৰাজ্যৰ মাজত তোমাৰ তুল্য কোনো নাই।


ৰজাই তেওঁলোকক সোধা জ্ঞান আৰু বিবেচনাৰ প্রতিটো প্রশ্নৰ বিষয়ত, তেওঁৰ ৰাজ্যত থকা শাস্ত্ৰজ্ঞ আৰু গণকসকলতকৈ তেওঁলোকক দহগুণে শ্রেষ্ঠ পালে।


তেতিয়া মায়াবীলোক, মৃতলোকৰ লগত কথা পতা দাবী কৰা লোক, জ্ঞানীলোক, জ্যোতিষী সকল মোৰ ওচৰলৈ আহিল। মই তেওঁলোকক সপোনটো কলোঁ; কিন্তু তেওঁলোকে মোক তাৰ ফলিতা ক’ব নোৱাৰিলে।


আমাক অনুসৰণ কৰক:

বিজ্ঞাপন


বিজ্ঞাপন