Biblia Todo Logo
অনলাইন বাইবেল

- বিজ্ঞাপন -




দানি 11:6 - ইণ্ডিয়ান ৰিভাইচ ভাৰচন (IRV) আচামিচ - 2019

6 কেইবছৰমানৰ পাছত যেতিয়া নিৰূপিত সময় আহিব, তেতিয়া তেওঁলোকে মিত্রতা কৰিব। চুক্তি সুনিশ্চিত কৰিবলৈ দক্ষিণ দেশৰ ৰজাৰ জীয়েকক উত্তৰ দেশৰ ৰজালৈ দিয়া হ’ব; কিন্তু জীয়েকে নিজৰ ক্ষমতা হেৰুৱাব, আৰু তেওঁক পৰিত্যক্ত কৰা হ’ব। তেওঁ আৰু তেওঁক অনাসকলক, তেওঁৰ পিতৃক, আৰু সেই সময়ত তেওঁক সমৰ্থন কৰা জনক আপদত পেলোৱা হ’ব।

অধ্যায়টো চাওক কপি কৰক




দানি 11:6
9 পৰস্পৰ সংযোগসমূহ  

উত্তৰ দেশৰ ৰজাই আন এটা সৈন্যৰ দল গঠন কৰিব; সেয়া আগতকৈয়ো ডাঙৰ হ’ব, কেইবছৰমানৰ পাছত উত্তৰ দেশৰ ৰজাই বহুতো সা-সঁজুলিৰ সৈতে ডাঙৰ সৈন্যৰ দল লৈ আহিব।


শেষৰ সময়ত দক্ষিণ দেশৰ ৰজাই আক্রমণ কৰিব। উত্তৰ দেশৰ ৰজাই ৰথ, অশ্বাৰোহী, আৰু অনেক জাহাজেৰে সৈতে বা’মাৰলী বতাহৰ দৰে তেওঁৰ বিৰুদ্ধে আহিব। তেওঁ অনেক দেশ আক্রমণ কৰিব, আৰু বানপানীৰ দৰে তেওঁলোকৰ মাজেদি ওলাই যাব।


উত্তৰ দেশৰ ৰজা আহি ঢিপত এঢলীয়া পথ নিৰ্মাণ কৰিব, আৰু দুৰ্গৰ নগৰ অধিকাৰ কৰিব। দক্ষিণ দেশৰ সৈন্যসকল থিৰে থাকিব নোৱাৰিব; এনে কি, তেওঁলোকৰ শ্রেষ্ঠ সৈন্যসকলৰো থিৰে থাকিবলৈ শক্তি নহ’ব।


তথাপি তেওঁৰ শিপাৰ এটি শাখা তেওঁৰ ঠাইত উৎপন্ন হ’ব; তেওঁ সৈন্যসামন্তক আক্রমণ কৰিব, আৰু উত্তৰ দেশৰ ৰজাৰ দুৰ্গত সোমাব, আৰু তেওঁলোকৰ বিৰুদ্ধে কাৰ্য কৰি জয়ী হ’ব।


কিয়নো চোৱা! মই দেশত এজন মেৰ-ছাগৰ ৰখীয়া উৎপন্ন কৰিম! তেওঁ নষ্ট হ’বলগীয়া ছাগলীবোৰৰ বুজ বিচাৰ নল’ব। ছিন্ন-ভিন্ন হোৱা ছাগলীবোৰক নিবিচাৰিব বা ভগ্ন হোৱাটোক সুস্থ নকৰিব। আনকি সুস্থকো প্ৰতিপালন নকৰিব, কিন্তু হৃষ্টপুষ্টবোৰে মাংস খাব পাব আৰু সেইবোৰৰ খুৰাও ডোখৰ ডোখৰকৈ ছিঙিব।


“হে মনুষ্য সন্তান, মই মিচৰৰ ৰজা ফৰৌণৰ বাহু ভাঙিলোঁ। আৰু চোৱা! তৰোৱাল ধৰিবলৈ শক্তি পাবৰ কাৰণে তাত ঔষধ লগাই পটি দি তাক বন্ধা নহ’ল।”


সকলো সময়তে তেওঁলোক সফলতাৰ পথত আগবাঢ়ি যায়; তোমাৰ ন্যায় বিচাৰ ইমান ওপৰত আছে যে, সেয়া তেওঁলোকৰ চকুৰ দৃষ্টিৰ বাহিৰত; তেওঁলোকে নিজৰ সকলো শত্রুকে তুচ্ছ কৰে।


আৰু দুষ্টবোৰৰ পৰা পোহৰ আতৰোৱা হয়, আৰু সিহঁতৰ উৰ্ধবাহু ভগ্ন হয়।


আমাক অনুসৰণ কৰক:

বিজ্ঞাপন


বিজ্ঞাপন