14 সেই সময়ত দক্ষিণ দেশৰ ৰজাৰ বিৰুদ্ধে অনেক লোক উঠিব। এই দৰ্শনৰ কথা সিদ্ধ হ’বলৈ, তোমাৰ লোকসকলৰ মাজৰ অতি অত্যাচাৰী লোকসকলে নিজকে নিজে উঠাব; কিন্তু তেওঁলোক উজুটি খাই পৰিব।
কিয়নো ঈশ্বৰৰ বাক্য সিদ্ধ নোহোৱালৈ তেওঁৰ মনস্থ পুৰ কৰিবলৈ আৰু এক মনৰ হৈ তেওঁলোকৰ নিজ নিজ ৰাজ্য পশুক দিবৰ বাবে, ঈশ্বৰে তেওঁলোকৰ মনত প্ৰবৃত্তি জন্মালে।
উত্তৰ দেশৰ ৰজাই আন এটা সৈন্যৰ দল গঠন কৰিব; সেয়া আগতকৈয়ো ডাঙৰ হ’ব, কেইবছৰমানৰ পাছত উত্তৰ দেশৰ ৰজাই বহুতো সা-সঁজুলিৰ সৈতে ডাঙৰ সৈন্যৰ দল লৈ আহিব।
উত্তৰ দেশৰ ৰজা আহি ঢিপত এঢলীয়া পথ নিৰ্মাণ কৰিব, আৰু দুৰ্গৰ নগৰ অধিকাৰ কৰিব। দক্ষিণ দেশৰ সৈন্যসকল থিৰে থাকিব নোৱাৰিব; এনে কি, তেওঁলোকৰ শ্রেষ্ঠ সৈন্যসকলৰো থিৰে থাকিবলৈ শক্তি নহ’ব।