3 সেই তিনি সপ্তাহ সম্পূৰ্ণ নোহোৱালৈকে মই সুস্বাদু আহাৰ, মাংস খোৱা নাছিলো, দ্রাক্ষাৰস পান কৰা নাছিলো, আৰু মই গাত তেলো ঘঁহা নাছিলো।
তেতিয়া চৌলৰ পুত্ৰ মফিবোচতে ৰজাৰে সৈতে সাক্ষাৎ হবলৈ নামি আহিল৷ ৰজা ওলাই যোৱা দিনৰে পৰা শান্তিৰে ঘৰলৈ উলটি অহা দিনলৈকে তেওঁ নিজৰ ভৰি ধোৱা নাই, তেওঁৰ গোফ ছটা নাই আৰু কাপোৰো ধোৱা নাই।
তাতে তাৰ প্ৰাণে আহাৰ ঘিণ কৰে, আৰু সুস্বাদু খাদ্যলৈ তাৰ জীৱাত্মাৰ অৰুচি জন্মে।
তেতিয়া তেওঁ মোক ক’লে, “হে দানিয়েল ভয় নকৰিবা; কাৰণ তুমি বুজিবলৈ, আৰু নিজকে ঈশ্বৰৰ আগত নম্ৰ কৰিবলৈ মন স্থিৰ কৰা প্ৰথম দিনৰে পৰা তোমাৰ বাক্য শুনা গৈছে; আৰু তোমাৰ বাক্যৰ কাৰণেই মই আহিলোঁ
ৰূপ আৰু সোণৰ অতি সুন্দৰ পাত্ৰবোৰে সৈতে তেওঁলোকে তেওঁলোকৰ প্রতিমাবোৰ, আৰু দেৱতাবোৰকো মিচৰলৈ কাঢ়ি নিব। কেইবছৰমানৰ বাবে উত্তৰ দেশৰ ৰজাক আক্রমণ কৰাৰ পৰা বিৰত থাকিব।
ৰজাই নিজৰ ৰাজ গৃহলৈ গ’ল, আৰু গোটেই ৰাতি লঘোনে থাকিলে। ৰজাৰ ওচৰলৈ কোনো বাদ্যযন্ত্ৰ আনিবলৈ দিয়া ন’হল, আৰু তেওঁৰ টোপনি নাহিল।
তোমালোকে দুখীয়াক অত্যাচাৰেৰে গছকি বলেৰে ঘেঁহু ধান আদায় কৰা। সেয়ে যদিও তোমালোকে কটা-শিলৰ ডাঙৰ ঘৰ তৈয়াৰ কৰিলা, তথাপিও তোমালোকে তাত বাস কৰিবলৈ নাপাবা; মনোহৰ দ্ৰাক্ষাবাৰী পাতিলেও, তাৰ দ্ৰাক্ষাৰস পান কৰিবলৈ নাপাবা।
তোমালোকে ৰূপ লুট কৰি নিয়া, সোণ লুট কৰি নিয়া, কিয়নো বস্তুবোৰৰ সৌন্দৰ্যৰ মহিমা সীমাহীন। ইয়াতে সকলো প্ৰকাৰ মনোহৰ বস্তু অতিশয় অধিক পৰিমাণে আছে।
কিন্তু তোমালোকে যেতিয়া লঘোন দিয়া, তেতিয়া তোমাৰ মূৰত তেল সানিবা আৰু মুখ ধুই ল’বা;
তুমি মোৰ মূৰত তেল নাসানিলা; কিন্তু তেওঁ মোৰ ভৰিত সুগন্ধি তেল সানিলে;
কিন্তু লোকৰ আগত ঘোষণা কৰি, শেষত নিজে যেন ঈশ্বৰৰ দৃষ্টিত অগ্ৰাহ্য নহওঁ, এই কাৰণে মই নিজ শৰীৰকো ঘুচিয়াই বশ কৰি ৰাখিছোঁ।