12 তেওঁ ক’লে, “আপুনি অনুগ্ৰহ কৰি, দহ দিন আপোনাৰ এই দাস সকলক পৰীক্ষা কৰি চাওক; আমাক খাবলৈ কেৱল শাক-পাচলি, আৰু পান কৰিবলৈ পানী দিয়ক।
তাৰ পাছত দানিয়েল, হননিয়া, মীচায়েল, আৰু অজৰিয়াৰ ওপৰত নিযুক্ত কৰা তত্ত্বাবধায়কৰ সৈতে দানিয়েলে কথা পাতিলে।
তাৰ পাছত আমাৰ, আৰু ৰজাৰ উত্তম খাদ্য খোৱা যুৱকসকলৰ চেহেৰাৰ পৰীক্ষা কৰি চাওক; আপুনি যি দেখিব, সেইদৰে আপোনাৰ এই দাসবোৰলৈ ব্যৱহাৰ কৰিব।”
সেয়ে তত্বাৱধায়কে তেওঁলোকক উত্তম আহাৰ, আৰু দ্ৰাক্ষাৰসৰ সলনি তেওঁলোকক শাক-পাচলি দিবলৈ ধৰিলে।
কোনো এজনৰ সকলো বস্তু খাবলৈ বিশ্বাস আছে; কিন্তু আনহাতে যি জন দূৰ্বল, তেওঁ কেৱল শাক-পাচলিহে খায়।
ভোকত কষ্ট দি আৰু যি মান্নাৰ কথা আপোনালোকে আৰু আপোনালোকৰ পূর্বপূৰুষসকলে জনা নাছিল তাক খোৱাই যিহোৱাই আপোনালোকক নম্র কৰিছিল। এই কার্যবোৰৰ দ্বাৰাই তেওঁ আপোনালোকক জনাব বিচাৰিছিল যে, মানুহ কেৱল পিঠাৰে নিজীয়ে, কিন্তু মানুহৰ জীৱন যিহোৱাই কোৱা বাক্যৰ দ্বাৰাইহে জীয়ে।
তোমাৰ আসন্ন দুখভোগলৈ ভয় নকৰিবা। চোৱা! তোমালোকৰ পৰীক্ষাৰ অৰ্থে, চয়তানে তোমালোকৰ কোনো কোনোক বন্দীশালত পেলাবলৈ উদ্যত আছে, তাতে দহ দিনলৈ তোমালোকৰ ক্লেশ হ’ব৷ তুমি মৃত্যু পৰ্য্যন্ত বিশ্বাসী হৈ থাকা; তাতে মই জীৱনৰূপ কিৰীটি তোমাক দিম।