Biblia Todo Logo
অনলাইন বাইবেল
- বিজ্ঞাপন -




জখ 5:11 - ইণ্ডিয়ান ৰিভাইচ ভাৰচন (IRV) আচামিচ - 2019

11 তেওঁ মোক ক’লে, “চিনাৰ দেশত সেই পাত্রৰ বাবে এটা মন্দিৰ সাজিবলৈ গৈছে, সেইটো সজা হ’লে, তাইক তাইৰ নিজৰ ঠাইত স্থাপন কৰা হ’ব।”

অধ্যায়টো চাওক কপি কৰক




জখ 5:11
10 পৰস্পৰ সংযোগসমূহ  

নিম্রোদৰ ৰাজত্বৰ প্রথম ঠাইবোৰ আছিল চিনাৰ দেশৰ বাবিল, এৰক, অক্কদ, আৰু কলনি।


পাছত লোকসকলে পূব দিশে ঘূৰি ফুৰি গৈ চিনাৰ দেশত আহি এখন সমতল ভূমি পালে আৰু তাতে বাস কৰিবলৈ ধৰিলে।


যি সময়ত চিনাৰ দেশৰ ৰজা অম্ৰাফল আছিল, তেতিয়া অৰিয়োক আছিল ইল্লাচৰৰ ৰজা, এলমৰ ৰজা আছিল কদৰ্লায়োমৰ আৰু গোয়ীমৰ ৰজা তিদিয়ল আছিল,


পথ্ৰোচ, কুচ, এলম, চিনাৰ, হমাৎ, আৰু সমুদ্ৰৰ দ্বীপবোৰ, অচুৰ আৰু মিচৰীয়াৰ বাকী থকা অৱশিষ্ট লোকসকলক উদ্ধাৰ কৰিবলৈ সেইদিনা প্ৰভুৱে তেওঁৰ হাত পুনৰ আগবঢ়াব।


কিয়নো বাবিলত থকা আমালৈ তেওঁ কৈ পঠিয়াইছে, যে, বহুদিন হ’ব, তোমালোকে ঘৰ সাজি তাত বাস কৰা, বাৰী পাতি তাৰ ফল ভোগ কৰা’।”


প্ৰভুৱে নবুখদনেচৰক যিহূদাৰ ৰজা যিহোয়াকীমৰ ওপৰত জয়যুক্ত কৰিলে, আৰু তেওঁ ঈশ্বৰৰ গৃহৰ পৰা কিছুমান পবিত্র বস্তু তেওঁক দিলে। নবুখদনেচৰে সেই বস্তুবোৰ চিনাৰ দেশত থকা নিজৰ দেৱতাৰ গৃহলৈ লৈ গ’ল; আৰু তেওঁ সেই বস্তুবোৰ নিজৰ দেৱতাৰ ভঁৰালত হ’ল।


কিয়নো ইস্ৰায়েলীয়াসকল অনেক দিনলৈকে ৰজা, অধ্যক্ষ, যজ্ঞ, স্তম্ভ, এফোদ আৰু দেৱমূর্তিবোৰ নোহোৱাকৈ থাকিব।


সেয়ে মোৰে সৈতে কথা হৈ থকা দূতজনক মই সুধিলোঁ, “সেই দুগৰাকীয়ে ঐফা-পাত্ৰটো লৈ ক’লৈ গৈছে?”


তেওঁলোক তৰোৱালৰ আঘাতত পৰিব আৰু সকলো দেশলৈ বন্দী কৰি নিয়া হ’ব; আৰু অনা-ইহুদী মানুহৰ কাল সম্পূৰ্ণ নোহোৱালৈকে যিৰূচালেম অনা-ইহুদী মানুহৰ ভৰিৰে গচকা হ’ব।


তেন্তে যিহোৱাই আপোনালোকৰ আৰু আপোনালোকৰ বংশধৰৰ ওপৰত ভয়ঙ্কৰ মহামাৰী আনিব; সেইবোৰ অনেক দিনলৈকে বর্তি থকা মহা-মহামাৰী আৰু ভীষণ কষ্টদায়ক ৰোগ হ’ব।


আমাক অনুসৰণ কৰক:

বিজ্ঞাপন


বিজ্ঞাপন