জখ 2:9 - ইণ্ডিয়ান ৰিভাইচ ভাৰচন (IRV) আচামিচ - 20199 কিয়নো চোৱা, মই যেতিয়া সিহঁতৰ ওপৰত মোৰ হাত জোকাৰিম; তেতিয়া সিহঁত সেই লোকসকলৰ বন্দীকাম কৰা লোকৰ লুটদ্ৰব্য হ’ব।” আৰু বাহিনীসকলৰ যিহোৱাই যে মোক পঠিয়ালে, তেতিয়া তোমালোকে জানিবা। অধ্যায়টো চাওক |
সেয়ে, বাহিনীগণৰ যিহোৱা, ইস্ৰায়েলৰ ঈশ্বৰে এইদৰে কৈছে, “মোৰ জীৱনৰ শপত, মোৱাব নিশ্চয়ে চদোমৰ নিচিনা, আৰু অম্মোনীয়াসকল ঘমোৰাৰ নিচিনা হ’ব; এক কাঁইটীয়া হাবিৰে ভৰা ঠাই আৰু এক লোণৰ কূপলৈ পৰিণত হ’ব; চিৰকালৰ পতিত ভূমি হৈ থাকিব; মোৰ প্ৰজাসকলৰ অৱশিষ্ট লোকে তেওঁলোকক লুট কৰিব আৰু মোৰ জাতিৰ অৱশিষ্ট লোকে তেওঁলোকৰ দেশ অধিকাৰ কৰিব।”