11 লোকসকলে যিৰূচালেমত বাস কৰিব; কোনো শত্রুৱে তেওঁলোকক ধ্বংস কৰিবলৈ তালৈ নাহিব। যিৰূচালেম নিৰাপদে বাস কৰিব।
সেই দিনা যিহূদাৰ দেশত এই গীত গোৱা হ’ব, “আমাৰ এখন দৃঢ় নগৰ আছে; প্রভুৱে পৰিত্ৰাণকেই তাৰ দেৱাল আৰু গড় নিৰূপিত কৰিলে।
তোমাৰ দেশত অত্যাচাৰৰ আৰু তোমাৰ সীমাৰ ভিতৰত বিনষ্ট হোৱাৰ বা ধ্বংসৰ কথা আৰু শুনা নাযাব; কিন্তু তুমি তোমাৰ দেৱালৰ নাম পৰিত্ৰাণ, আৰু তোমাৰ দুৱাৰৰ নাম প্ৰশংসা ৰাখিবা।
“কাৰণ মই যি নতুন আকাশ-মণ্ডল আৰু নতুন পৃথিৱী সৃষ্টি কৰিম, সেয়ে যেনেকৈ মোৰ সম্মুখত সদায় থাকিব, যিহোৱাই কৈছে, তেনেকৈ তোমালোকৰ বংশ, আৰু তোমালোকৰ নামো সদায় থাকিব।”
আৰু মৰা শৱ আৰু ছাঁই পেলোৱা গোটাই উপত্যকা, আৰু কিদ্ৰোণ জুৰিলৈকে সকলো মুকলি ঠাই পূবফালে থকা অশ্ব-দুৱাৰৰ চুকলৈকে যিহোৱাৰ উদ্দেশ্যে পবিত্ৰ হ’ব; তাক চিৰকালৰ কাৰণে উঘলা বা কেতিয়াও পৰাভূত কৰা নহ’ব।”
চোৱা, মই মোৰ ক্ৰোধ, কোপ আৰু মহাৰোগত তেওঁলোকক যি যি দেশলৈ খেদাই পঠাইছিলোঁ, সেই সকলো দেশৰ পৰাই তেওঁলোকক মই গোট খুৱাম, আৰু মই পুনৰায় তেওঁলোকক এই ঠাইলৈ আনি নিৰাপদে বাস কৰাম।
ইয়াৰ বাহিৰে মই তেওঁলোকৰ লগত এটি শান্তিৰ নিয়ম কৰিম; সেয়ে তেওঁলোকে সৈতে এটি চিৰকলীয়া নিয়ম হ’ব; মই তেওঁলোকক স্থাপন কৰি তেওঁলোকক বৃদ্ধি কৰিম, আৰু চিৰকাললৈকে তেওঁলোকৰ মাজত মোৰ ধৰ্মধাম স্থাপন কৰিম।
“তেতিয়া মই যে মোৰ পবিত্ৰ পৰ্ব্বত চিয়োনত বাস কৰোঁতা তোমালোকৰ ঈশ্বৰ যিহোৱা, সেই বিষয়ে তোমালোকে জানিবা। তেতিয়া যিৰূচালেম পবিত্ৰ হ’ব, আৰু কোনো বিদেশী সৈন্য দলে তাৰ মাজেদি পুনৰ অহা-যোৱা কৰিব নোৱাৰিব।
কিন্তু যিহূদী চিৰকাললৈকে, আৰু যিৰূচালেম পুৰুষানুক্ৰমে থাকিব।
মই ইস্রায়েলীয়া সকলক তেওঁলোকৰ দেশত ৰুম, যি দেশ মই তেওঁলোকক দিছোঁ, তাৰ পৰা তেওঁলোকক কেতিয়াও পুনৰ উঘলা নহব।” এই কথা তোমালোকৰ ঈশ্বৰ যিহোৱাই কৈছে।
সেই দিনা মই যিহূদাৰ পৰিচাৰকসকলক খৰিৰ মাজত থকা জুই ধৰা পাত্ৰৰদৰে আৰু ডাঙৰিবোৰৰ মাজত জ্বলাই থোৱা আৰিয়াৰ দৰে কৰিম; তেওঁলোকে সোঁ আৰু বাওঁ ফালে চাৰিওকাষে আটাই জাতিক গ্ৰাস কৰিব আৰু নিজ ঠাই যিৰূচালেমতেই পুনৰায় বাস কৰিব।
আৰু দ্বিতীয় দূতজনে তেওঁক ক’লে, “তুমি বেগাই যোৱা আৰু সেই ডেকাক এই কথা কোৱা, ‘যিৰূচালেম গড় নোহোৱা গাওঁৰ নিচিনা বসতিস্থান হ’ব; যিৰূচালেমৰ মাজত থকা অধিক মানুহ আৰু পশুৰ কাৰণে।
জাতিবোৰৰ মাজত তোমালোক যেনেকৈ শাওৰ উদাহৰণস্বৰূপ হৈছিলা, হে যিহূদা বংশ আৰু হে ইস্ৰায়েল বংশ, তেনেকৈ এতিয়া মই তোমালোকক উদ্ধাৰ কৰিম আৰু তোমালোক আশীৰ্ব্বাদৰ বিষয় হ’বা। ভয় নকৰিবা, তোমালোকৰ হাত সবল হওঁক!”
বাহিনীসকলৰ যিহোৱাই এই কথা কৈছে: অতি বুঢ়া হোৱাৰ কাৰণে পুনৰায় যিৰূচালেমৰ চকবোৰত বহিব, প্ৰতিজন বুঢ়া-বুঢ়ীয়ে নিজ নিজ হাতত লাখুটি ল’ব।
কিয়নো যিৰূচালেমত বাস কৰিবলৈ মই তেওঁলোকক ঘূৰাই আনিম, যাতে তেওঁলোক পুনৰায় মোৰ প্ৰজা হ’ব, আৰু সত্যতাত আৰু ধাৰ্মিকতাত মই তেওঁলোকৰ ঈশ্বৰ হ’ম!”
তেতিয়া যিহোৱাই ইস্ৰায়েলৰ বাক্যলৈ কাণ দিলে, সেই কনানীয়াসকলক সমৰ্পণ কৰিলে। তেতিয়া লোকসকলে তেওঁলোকক আৰু তেওঁলোকৰ নগৰবোৰ নিঃশেষে বিনষ্ট কৰিলে। সেই ঠাইৰ নাম হৰ্মা ৰখা হ’ল।
ইস্ৰায়েল জাতিয়ে নিৰ্ভয়েৰে বাস কৰিব; যাকোবৰ ভুমুক শস্য আৰু নতুন দ্রাক্ষাৰসৰ দেশত নিৰাপদ হ’ব; তেওঁৰ ওপৰত আকাশৰ নিয়ৰ টোপা টোপে পৰক।
তেওঁলোকৰ চকুৰ পৰা আটাই চকুলো মচি গুচাব; তাতে মৃত্যু পুনৰ নহব; শোক বা ক্ৰন্দন বা বেদনাও পুনৰ নহব৷ আগৰবোৰ গুচি গ’ল।
তাতে কোনো শাও নহ’ব। সেই নগৰত ঈশ্বৰ আৰু সেই মেৰ-পোৱালিৰ সিংহাসন থাকিব আৰু তেওঁৰ দাস সকলে তেওঁক সেৱা কৰিব৷