Biblia Todo Logo
অনলাইন বাইবেল

- বিজ্ঞাপন -




জখ 1:21 - ইণ্ডিয়ান ৰিভাইচ ভাৰচন (IRV) আচামিচ - 2019

21 তেতিয়া মই সুধিলোঁ, “এওঁলোকে কি কৰিবলৈ আহিছে?” তেওঁ উত্তৰ দি ক’লে, “যি কোনো মানুহকে নিজৰ মূৰ দাঙিব নোৱাৰাকৈ যিহূদাক ছিন্ন-ভিন্ন কৰা শিং এইবোৰ; কিন্তু যি জাতিবোৰে যিহূদা দেশ ছিন্ন-ভিন্ন কৰিবলৈ নিজ নিজ শিং তুলিছিল, সেই জাতিবোৰক ত্ৰাসিত কৰিবলৈ আৰু তেওঁলোকৰ শিংবোৰ ভাঙি পেলাবলৈ, এওঁলোক আহিছে।

অধ্যায়টো চাওক কপি কৰক




জখ 1:21
6 পৰস্পৰ সংযোগসমূহ  

তেতিয়া মোৰ লগত কথা হোৱা দূতজনক মই সুধিলোঁ, “এইবোৰ কি?” তেতিয়া তেওঁ মোক উত্তৰ দি ক’লে, “যিহূদা, ইস্ৰায়েল আৰু যিৰূচালেমক ছিন্ন-ভিন্ন কৰা শিং এইবোৰ।”


যিহোৱাই নিজেই কৰা সংকল্প সিদ্ধ কৰিলে, পূৰ্বকালত আজ্ঞা কৰা তেওঁৰ বাক্য পূৰ্ণ কৰিলে। তেওঁ দয়া নকৰি ভাঙি পেলালে, আৰু তাৰ ওপৰত শত্ৰুক আনন্দ কৰালে; তেওঁ তোমাৰ বৈৰীবোৰৰ শিংটো উন্নত কৰিলে।


তেওঁ ক’লে, “মই দুষ্ট লোকবোৰৰ আটাই শিং কাটি পেলাম; কিন্তু ধাৰ্মিক লোকসকলৰ শিং উচ্চ কৰিম।”


নদীৰ কাষত শণ সূতাৰ বস্ত্ৰ পিন্ধি থিয় হৈ থকা পুৰুষ জনে নিজৰ সোঁ আৰু বাওঁ হাত আকাশৰ ফাললৈ দাঙিলে, আৰু অনন্তকাললৈকে জীয়াই থকা জনৰ নামেৰে শপত খালে, সেয়ে সময়, সময়, আৰু অৰ্দ্ধ সময় হ’ব। যেতিয়া পবিত্ৰ লোকসকলৰ শক্তি চূৰ্ণবিচূৰ্ণ কৰা শেষ হ’ব, তেতিয়া এইসকলো সিদ্ধ হ’ব।


চোৱা, তোমাৰ শত্রুবোৰে কেনেকৈ আলোড়নৰ সৃষ্টি কৰিছে; তোমাক ঘৃণা কৰা সকলে নিজৰ মূৰ দাঙিছে।


আমাক অনুসৰণ কৰক:

বিজ্ঞাপন


বিজ্ঞাপন