Biblia Todo Logo
অনলাইন বাইবেল
- বিজ্ঞাপন -




চফ 3:4 - ইণ্ডিয়ান ৰিভাইচ ভাৰচন (IRV) আচামিচ - 2019

4 তাইৰ ভাববাদীসকল দাম্ভিক আৰু বিশ্বাসঘাতক! তাইৰ পুৰোহিতসকলে পবিত্রক অপবিত্ৰ কৰিছে আৰু ব্যৱস্থাৰ বিৰুদ্ধে অনিষ্ট কার্য কৰিছে!

অধ্যায়টো চাওক কপি কৰক




চফ 3:4
33 পৰস্পৰ সংযোগসমূহ  

মুখ্য আৰু সম্ভ্রান্ত লোকসকল নেতৃত্বত থাকিব; আৰু মিছা শিক্ষা দিওঁতা ভাববাদীসকল শেষত থাকিব।


যিহোৱাই কৈছে, চোৱা, যি ভাববাদীবোৰে নানা মিছা সপোন প্ৰচাৰ কৰে, আৰু সেইবোৰ কৈ তেওঁলোকৰ মিছা কথা আৰু অনৰ্থক অহঙ্কাৰৰ দ্বাৰাই মোৰ প্ৰজাসকলক ভ্ৰান্ত কৰে, সেই ভাববাদীসকলৰ মই বিপক্ষ।” কিয়নো মই তেওঁলোকক পঠোৱা কি আজ্ঞা দিয়া নাছিলোঁ; এই হেতুকে তেওঁলোকে এই প্ৰজাসকলক সমুলি উপকাৰ নকৰিব, ইয়াক যিহোৱাই কৈছে।


তেতিয়া দামুৰিৰ অংশৰ মাজেদি যিহূদা আৰু যিৰূচালেমৰ প্ৰধান লোক, নপুংসক, পুৰোহিতসকল আৰু দেশৰ সকলো প্ৰজাই গমন কৰিলে।


ভাববাদীসকলে মিছা ভাববাণী প্ৰচাৰ কৰে, আৰু পুৰোহিতসকলে তেওঁলোকৰ দ্বাৰাই চালিত হৈ শাসন কৰে। আৰু মোৰ প্ৰজাসকলে এনেকুৱাবোৰ হোৱাতোহে ভাল পায়; কিন্তু ইয়াৰ অন্তত তোমালোকৰ পৰিণাম কি হ’ব?


সেই কাৰণে মই তেওঁলোকৰ পত্নিসকলক আনৰ হাতত শোধাই দিম, আৰু আন আন অধিকাৰীসকলক তেওঁলোকৰ খেতিবোৰ দিম, কিয়নো সৰুৰ পৰা বৰলৈকে প্ৰতিজন অতি লোভীয়া! ভাববাদীৰ পৰা পুৰোহিতলৈকে প্ৰতিজনে প্ৰবঞ্চনা কাৰ্য কৰে।


তোমাৰ ভাববাদীসকলে তোমাৰ পক্ষে মিছা আৰু মুৰ্খতাৰ দৰ্শন পালে। আৰু তোমাৰ সম্পত্তিবোৰ পুনৰায় ঘূৰাই পাবলৈ তেওঁলোকে তোমাৰ অপৰাধবোৰ প্ৰকাশ নকৰিলে, কিন্তু তেওঁলোকে দৰ্শন পাই তোমাৰ পক্ষে অসাৰ্থক বাণী আৰু দেশান্তৰৰ কাৰণ প্ৰচাৰ কৰিলে।


তাৰ পুৰোহিতবোৰে মোৰ ব্যৱস্থাৰ বিপৰীতে অত্যাচাৰ কৰে; তেওঁলোকে পবিত্ৰ আৰু সাধাৰণৰ মাজত প্ৰভেদ নাৰাখে, বা শুচি আৰু অশুচিৰ মাজত বিভিন্ন কৰিবলৈ মানুহক নিশিকাই; তেওঁলোকে মোৰ বিশ্ৰাম-দিনবোৰৰ পৰা তেওঁলোকৰ চকু ঢাকে আৰু মই তেওঁলোকৰ মাজত অপবিত্ৰীকৃত হ’লো।


চোৱা, ইস্ৰায়েলৰ অধ্যক্ষসকলে নিজ নিজ বাহুবল অনুসাৰে ৰক্তপাত কৰিবলৈ তোমাৰ মাজত আছে।


আৰু তেওঁলোকে মোৰ প্ৰজাসকলক পবিত্ৰ আৰু সাধাৰণৰ মাজত প্ৰভেদ শিকাব, শুচি আৰু অশুচিৰ মাজত বিভিন্ন কৰিবলৈ শিকিব।


ইস্রায়েলীয়াসকলে ইয়াকে জানিব যে, শাস্তিৰ দিনবোৰ সমাগত, প্রায়শ্চিত্তৰ দিন উপস্থিত হৈছে; তেওঁলোকৰ অনেক অধর্ম আৰু অধিক বিদ্বেষৰ কাৰণে তেওঁলোকে “ভাববাদীক নিৰ্ব্বোধ আৰু ঈশ্বৰৰ আত্মা পোৱা লোকক পগলা বুলি ভাবে।”


মিথ্যা আত্মা আৰু মিছা কথাৰে কোনো এজনে যদি তোমাৰ ওচৰলৈ আহি কয়, “মই দ্ৰাক্ষাৰস আৰু সুৰা পানৰ বিষয়ে তোমাৰ আগত ভাববাণী প্ৰচাৰ কৰিম;” তেনেহ’লে তেওঁক এই লোকসকলৰ কাৰণে ভাববাদী হ’বলৈ বিবেচনা কৰা হ’ব।


তোমালোকৰ মুখ্য লোকসকলে উৎকোচৰ বাবে বিচাৰ কৰে, তোমালোকৰ পুৰোহিতসকলে মূল্যৰ বাবে শিক্ষা দিয়ে, আৰু তোমালোকৰ ভাববাদীসকলে ধনৰ বাবে ভৱিষ্যত বাণী কৰে, তথাপি তোমালোকে যিহোৱাৰ ওপৰত ভাৰসা কৰি কোৱা, “যিহোৱা আমাৰ লগত নাই নে? কোনো আপদ আমালৈ নাহিব;


বাহিনীসকলৰ যিহোৱাই এই কথা কৈছে, “পুত্ৰই নিজৰ পিতৃক আৰু দাসে নিজৰ মালিকক সমাদৰ কৰে; মই যদি পিতৃ হওঁ, তেন্তে মোৰ সন্মান ক’ত? মই যদি মালিক হওঁ, তেন্তে মোৰ প্রতি ভয় ক’ত? হায় পুৰোহিতসকল, তোমালোকেই মোৰ নাম তুচ্ছ কৰিছা। কিন্তু তোমালোকে কৈছা, ‘আমি কেনেকৈ আপোনাৰ নাম তুচ্ছ কৰিলোঁ?’


এজন পুৰোহিতৰ ওঁঠে জ্ঞান ৰক্ষা কৰিব লাগে আৰু মানুহে তেওঁৰ মুখৰ পৰা আদেশ বিচাৰিব লাগে; কাৰণ তেঁৱেই মোৰ অর্থাৎ বাহিনীসকলৰ যিহোৱাৰ বার্তাবাহক।


কিন্তু তোমালোকে হ’লে সত্যৰ পথৰ পৰা এফলীয়া হৈ গ’লা; ব্যৱস্থা সম্পর্কীয় শিক্ষাত অনেকক উজুটি খুৱালা। এইদৰে লেবীৰ সৈতে হোৱা মোৰ নিয়মটি তোমালোকে নষ্ট কৰিলা।” ইয়াক বাহিনীসকলৰ যিহোৱাই কৈছে।


ভুৱা ভাৱবাদী সকলৰ বিষয়ে সাৱধান হোৱা। সিহঁতে তোমালোকৰ ওচৰলৈ মেৰৰ বেশ লৈ আহে, অথচ ভিতৰি সিহঁত হিংস্র ৰাংকুকুৰ।


কিয়নো তেনেকুৱা মানুহ ভাঁৰিকোৱা পাঁচনি, প্ৰবঞ্চক কাৰ্যকাৰী; তেওঁলোক খ্ৰীষ্টৰ পাঁচনিৰ বেশ ধৰা মানুহ।


হে প্ৰিয়সকল, অাপোনালোকে সকলো আত্মাত বিশ্বাস নকৰিব; কিন্তু সেই আত্মা ঈশ্বৰৰ হয় নে নহয়, সেই বিষয়ে জানিবৰ বাবে আত্মাবোৰ পৰীক্ষা কৰি চাব; কাৰণ জগতত বহুত ভুৱা ভাববাদী ওলাল।


তেতিয়া পশু আৰু তাৰে সৈতে যি ভাঁৰি-কোৱা ভাববাদীয়ে তাৰ আগত আচৰিত চিন দেখুৱাইছিল, যাৰ দ্ৱাৰাই সেই পশুৰ ছাব মাৰি লোৱা সকলক আৰু তাৰ প্ৰতিমূৰ্তিক প্ৰণিপাত কৰাবোৰক ভুলাইছিল, সেই দুয়োকো বন্দী কৰা হ’ল আৰু গন্ধকেৰে জ্বলি থকা জুইৰ সৰোবৰত, জীয়াই জীয়াই দুয়োকো পেলোৱা হ’ল।


তেওঁলোকে বাল-বৰীৎৰ মন্দিৰৰ পৰা তেওঁক সত্তৰ চেকল ৰূপৰ মুদ্ৰা দিলে; অবীমেলকে তাৰে কেইজনমান বেপেৰুৱা দু:সাহসী লোকক ভাড়া কৰিলে অাৰু এওঁলোক তেওঁৰ সঙ্গী হ’ল।


সেই সময়ত এলী অতিশয় বৃদ্ধ আছিল। তেওঁ গোটেই ইস্ৰায়েললৈ কৰা তেওঁৰ পুতেকহঁতৰ কু-ব্যৱহাৰৰ কথা শুনিলে আৰু তম্বুৰ দুৱাৰমুখত পৰিচৰ্যা কৰা মহিলাবোৰৰ লগত শয়ন কৰাৰ কথাও শুনা পালে।


আমাক অনুসৰণ কৰক:

বিজ্ঞাপন


বিজ্ঞাপন