5 হে যিহোৱা, তোমাৰ লোকসকলক তেওঁলোকে চূর্ণ কৰিছে; তোমাৰ আধিপত্যক উপদ্রৱ কৰিছে।
যিসকলে দুষ্টতাৰ কার্য কৰে, তেওঁলোক কি ইমানেই জ্ঞানশূন্য যে, মানুহে নিজৰ আহাৰ খোৱাৰ নিচিনাকৈ তেওঁলোকে মোৰ লোকসকলক খাই পেলায় আৰু তেওঁলোকে যিহোৱাৰ ওচৰত প্ৰাৰ্থনাও নকৰে?”
কিন্তু তথাপিও তোমাৰ কাৰণেই আমি গোটেই দিনটো হত হৈছোঁ; আমি বধ কৰিব লগীয়া মেৰ-ছাগৰ নিচিনা গণিত হৈছোঁ।
নহ’লে, সিংহৰ দৰে তেওঁলোকে মোক ছিন্ন-ভিন্ন কৰিব, সিহঁতে মোক ডোখৰ ডোখৰ কৰিব, কিন্তু মোক ৰক্ষা কৰিবলৈ কোনো নাথাকিব।
তেওঁলোকে নিজৰ মনতে কলে, “আমি সকলোকে একেবাৰে ধ্বংস কৰোঁ।” তেওঁলোকে মাটিৰ ওপৰত থকা ঈশ্বৰৰ সকলো সভা গৃহ পুৰি ভস্ম কৰিলে।
কিয়নো তেওঁলোকেই যাকোবৰ বংশক গ্ৰাস কৰিলে, তেওঁৰ বাসস্থান উচ্ছন্ন কৰিলে।
বাহিনীসকলৰ প্ৰভু যিহোৱাই কৈছে, তোমালোকে কিয় মোৰ লোকসকলক চূৰ্ণ কৰিলা, আৰু দৰিদ্রসকলৰ মুখ পিহিলা?
এইয়া যিহোৱাৰ ঘোষনা: “মই দেখিলোঁ যে মোৰ লোক সকলক বিনা কাৰণে লৈ যোৱা হৈছে, এতিয়া ইয়াত মোৰ কৰিবলৈ কি আছে? যি সকলে তেওঁলোকৰ ওপৰত শাসন কৰিছিল তেওঁলোকে নিন্দা কৰিছে, আৰু গোটেই দিন অবিৰাম ভাবে মোৰ নাম নিন্দিত হৈছে।”
কিন্তু তোমাৰ চকু আৰু মন; নিজৰ লাভ বিচৰাত বাজে, আৰু নিৰ্দ্দোষীত ৰক্তপাত কৰাত, আৰু আনক উপদ্ৰৱ ও অত্যাচাৰ কৰাত বাজে আন একোতো নালাগে।
হে মোৰ লোকসকলৰ আধিপত্য অপহৰণ কৰোঁতাবিলাক, তহঁতে আনন্দ কৰিছ, উল্লাস কৰিছ, শস্য মাৰোঁতা এজনী চেঁউৰী গৰুৰ নিচিনাকৈ দেও দিছ, আৰু বলী ঘোঁৰাৰ নিচিনাকৈ ঢেকঢেকাইছ।
বাবিলৰ ৰজা নবূখদনেচৰে মোক গ্ৰাস কৰিলে, মোক গুৰি কৰিলে, মোক শূণ্যপাত্ৰ কৰিলে, মোক নাগৰ দৰে গিলি পেলালে, মোৰ সু-স্বাদু বস্তুৰে উদৰ পূৰ কৰিলে, আৰু মোক বাহিৰলৈ পেলালে।
আৰু মানুহৰ গোচৰত তাক অন্যায় কৰা - যিহোৱাই জনো সেইবোৰৰ বিষয়ে নেদেখে?
তোমাৰ মাজত পিতৃ-মাতৃক হেয়জ্ঞান কৰা হৈছে, তোমাৰ মাজত বিদেশীক অত্যাচাৰ কৰা হৈছে; তোমাৰ মাজত পিতৃহীন আৰু বিধৱাক অন্যায় কৰা হৈছে।
মোৰ দুজন সাক্ষীক মই ক্ষমতা দিম; তাতে তেওঁলোকে মৰাপাতৰ চট পিন্ধি, এহেজাৰ দুশ ষাঠি দিন ভাবোক্তি প্ৰচাৰ কৰিব।”
সেই মহিলাক পবিত্ৰ লোক সকলৰ তেজত আৰু যীচুৰ সাক্ষী সকলৰ তেজত মতলীয়া হোৱা দেখিলোঁ৷ মই তাইক দেখি অতি বিস্ময় মানিলোঁ।