গীত 94:16 - ইণ্ডিয়ান ৰিভাইচ ভাৰচন (IRV) আচামিচ - 201916 কোনে মোৰ পক্ষ হৈ দুষ্টবোৰৰ বিৰুদ্ধে উঠিব? মোৰ পক্ষ হৈ দুষ্টবোৰৰ বিৰুদ্ধে কোন থিয় হ’ব? অধ্যায়টো চাওক |
সেই ঠাইৰ পৰা গুচি যোৱাৰ পাছত ৰেখবৰ পুত্ৰ যিহোনাদবক যেহূৱে লগ পালে। তেওঁ যেহূক দেখা কৰিবলৈ আহিছিল। যেহূৱে তেওঁক মঙ্গলবাদ জনাই ক’লে, “মোৰ হৃদয় যেনেকৈ আপোনাৰ লগত আছে তেনেকৈ আপুনিও মোৰ পক্ষত আছে নে?” যিহোনাদবে উত্তৰ দিলে, “হয়, আছোঁ।” যেহূৱে ক’লে “যদি সেয়ে তেন্তে আপোনাৰ হাত আগবঢ়াই দিয়ক।” যিহোনাদবে হাত আগবঢ়াই দিলে আৰু যেহূৱে তেওঁক ৰথত তুলি ল’লে।