12 সেয়ে আমাৰ আয়ুসৰ কাল গণনা কৰিবলৈ তুমি আমাক শিকোৱা; যাতে আমি প্রজ্ঞাৰ চিত্ত লাভ কৰিব পাৰোঁ।
আৰু তেওঁ মনুষ্যক কলে, চোৱা, প্ৰভুলৈ ভয় ৰখাই জ্ঞান, আৰু কুকৰ্ম ত্যাগ কৰাই সুবিবেচনা।
“হে যিহোৱা, মোৰ জীৱনৰ শেষ গতি মোক জনোৱা; মোৰ আয়ুস কিমান দিনলৈকে আছে, তাক মোক জানিবলৈ দিয়া; মোৰ জীৱন যে কেনে অলপদিনীয়া, তাক মোক জ্ঞাত কৰা।
চোৱা, তুমি মোৰ দিনবোৰ এবেগেতীয়া কৰিলা; তোমাৰ দৃষ্টিত মোৰ জীৱনকাল একো নোহোৱাৰ নিচিনা; বাস্তৱিক, সকলো মানুহ এক নিশ্বাস মাথোন। (চেলা)
সোণতকৈ প্রজ্ঞা লাভ কৰা কেনে উত্তম! আৰু সুবিবেচনা নিৰ্বাচন কৰা ৰূপতকৈ কেনে উত্তম।
জ্ঞানী লোকৰ কথা শুনা; আৰু মনোযোগ দিয়া; আৰু মোৰ জ্ঞানৰ কথাত তোমাৰ হৃদয় মনোনিবেশ কৰা।
তোমাৰ হৃদয়ে অনুশাসনলৈ মনোযোগ দিয়ক, আৰু জ্ঞানৰ কথালৈ তোমাৰ কাণ পাতা।
সত্যক কিনা, কিন্তু ইয়াক বিক্রী নকৰিবা; প্রজ্ঞা, অনুশাসন, আৰু সুবিবেচনা কিনা।
প্রজ্ঞা আৰু বিবেচনা শক্তি অৰ্জন কৰা; মোৰ মুখৰ পৰা ওলোৱা বাক্য নাপাহৰিবা আৰু ত্যাগ নকৰিবা।
প্ৰজ্ঞা হৈছে অতি গুৰুত্বপূৰ্ণ বিষয়, সেয়ে প্ৰজ্ঞা অৰ্জন কৰা; আৰু তুমি অৰ্জন কৰা প্রজ্ঞাক সকলোতে ব্যৱহাৰ কৰা, তাতে তুমি বিবেচনা শক্তি লাভ কৰিবা।
ভোজনৰ ঘৰলৈ যোৱাতকৈ শোকৰ ঘৰলৈ যোৱা ভাল; কিয়নো জীৱনৰ শেষত সকলো মানুহৰে মৃত্যু আহিব, জীৱিত লোকে এই কথা তাক মনত ৰখা উচিত।
তোমাৰ হাতত যি কার্যই আহঁক, তোমাৰ সকলো শক্তিৰে সৈতে তাক কৰিবা; কিয়নো তুমি যি ঠাইলৈ গৈ আছা, সেই চিয়োলত কোনো কাৰ্য বা পৰিকল্পনা বা বুদ্ধি কি জ্ঞান একোৱেই নাই।
আমি দিন থাকোতেই মোক পঠোৱা জনৰ কৰ্ম কৰিব লাগে। ৰাতি হৈ আহিছে, তেতিয়া কোনেও কৰ্ম কৰিব নোৱাৰিব।
তেওঁলোক জ্ঞানী হোৱা হ’লে, এই কথা বুজিলেহেঁতেন; শেষ দশা কি হ’ব তেওঁলোকে বিবেচনা কৰিলেহেঁতেন।