Biblia Todo Logo
অনলাইন বাইবেল

- বিজ্ঞাপন -




গীত 89:32 - ইণ্ডিয়ান ৰিভাইচ ভাৰচন (IRV) আচামিচ - 2019

32 তেন্তে মই বেতেৰে প্রহাৰ কৰি তেওঁলোকক অপৰাধৰ শাস্তি দিম, তেওঁলোকৰ অধৰ্মৰ শাস্তি চাবুকেৰে দিম।

অধ্যায়টো চাওক কপি কৰক




গীত 89:32
13 পৰস্পৰ সংযোগসমূহ  

মই তেওঁৰ পিতৃ হম আৰু তেওঁ মোৰ পুত্ৰ হ’ব। তেওঁ অপৰাধী হ’লে মই মনুষ্যসকলৰ দণ্ডেৰে আৰু মনুষ্য সন্তান সকলৰ প্ৰহাৰৰ দ্বাৰাই তেওঁক শাস্তি দিম৷


“পৃথিৱীৰ সকলো ফৈদৰ মাজৰ পৰা মই কেৱল তোমালোককেই বাচি ললোঁ। এই কাৰণে তোমালোকৰ সকলো পাপ কার্যৰ বাবে মই তোমালোকক দণ্ড দিম।।


মই দায়ূদৰ বংশক ক্লেশ দিম কিন্তু সদাকাললৈকে নহয়’।”


তেতিয়া যিহোৱাই ইদোমীয়া হদদ নামেৰে চলোমনৰ এজন শত্ৰুক বিদ্ৰোহ কৰালে৷ তেওঁ ইদোম দেশীয় ৰাজবংশৰ এজন লোক আছিল।


তেওঁ মোৰ ওপৰৰ পৰা বিচাৰৰ দণ্ডডাল আঁতৰাওক, আৰু তেওঁৰ ভয়ানকতাই মোক ভয় নলগাওক;


তেওঁ যাৰবিয়ামক ক’লে, “তুমি ইয়াৰ দহ ডোখৰ লোৱা, কিয়নো ইস্ৰায়েলৰ ঈশ্বৰ যিহোৱাই এই দৰে কৈছে, ‘চোৱা, মই চলোমনৰ হাতৰ পৰা ৰাজ্য কাঢ়ি লৈ তোমাক দহটা ফৈদ দিম।


এইদৰে চলোমনে যিহোৱাৰ দৃষ্টিত কু-আচৰণ কৰিছিল। তেওঁৰ পিতৃ দায়ূদে যি দৰে সকলো ভাৱে যিহোৱাৰ পাছত চলিছিল, তেওঁ সেইদৰে সম্পূর্ণৰূপে যিহোৱাৰ পাছত চলা নাছিল।


এতেকে এতিয়া যোৱা, মই যি দেশৰ বিষয়ে তোমাক কৈছিলোঁ, সেই দেশলৈকে লোকসকলক লৈ যোৱা। চোৱা, মোৰ দূত তোমাৰ আগে আগে যাব; কিন্তু যি দিনা তেওঁলোকে দণ্ড পাব লাগে; সেই দিনা তেওঁলোকৰ পাপৰ দণ্ড মই দিম।”


কিন্তু তুমি বা তোমালোকৰ সন্তান সকলৰ কোনোৱে যদি কেনেবাকৈ মোৰ পাছত চলিবলগীয়া পথৰ পৰা ঘূৰা বা তোমালোকৰ আগত স্থাপন কৰা মোৰ আজ্ঞা আৰু বিধিবোৰ পালন নকৰি ইতৰ দেৱতাবোৰক সেৱা পুজা কৰা আৰু সিহঁতৰ আগত প্ৰণিপাত কৰা,


আমি আপোনাৰ বিৰুদ্ধে বহুতো পাপ কৰ্ম কৰিলোঁ, আৰু আপুনি আপোনাৰ দাস মোচিক দিয়া আজ্ঞা, বিধি, আৰু শাসন প্ৰণালীবোৰ পালন নকৰিলোঁ।


আমাক অনুসৰণ কৰক:

বিজ্ঞাপন


বিজ্ঞাপন