3 হে প্ৰভু, মোক কৃপা কৰা; কিয়নো ওৰে দিনটো মই তোমাৰ আগত প্ৰাৰ্থনা কৰি আছোঁ।
তোমাৰ সত্যতাত মোক পৰিচালিত কৰা আৰু মোক শিক্ষা দিয়া; কিয়নো তুমিয়েই মোৰ ত্ৰাণকর্তা ঈশ্বৰ; ওৰে দিনটো মই তোমালৈ অপেক্ষা কৰোঁ।
হে মোৰ ধাৰ্মিকতাৰ ঈশ্বৰ, মই যেতিয়া তোমাক মাতো, তেতিয়া তুমি মোক উত্তৰ দিয়া। বিপদে যেতিয়া মোক হেঁচি ধৰিলে, কিন্তু তুমিয়ে মোক বহল ঠাই দিলা; মোক কৃপা কৰা; মোৰ প্ৰাৰ্থনা শুনা।
মোৰ শত্রুবোৰে মোৰ বিৰুদ্ধে হিংসা কৰি কয়, “সি কেতিয়া মৰিব? কেতিয়া তাৰ নাম লুপ্ত হব?”
গধূলি, ৰাতিপুৱা আৰু দুপৰীয়া সময়তো মই অভিযোগ কৰি ক্রন্দন কৰিম; তাতে তেওঁ মোৰ মাত শুনিব।
হে ঈশ্বৰ, মোক কৃপা কৰা; কিয়নো মানুহে মোক গ্ৰাস কৰিবলৈ বিচাৰিছে; সি ওৰে দিনটো যুদ্ধ কৰি মোক উপদ্ৰৱ কৰিছে।
হে ঈশ্বৰ, মোক কৃপা কৰা, মোক কৃপা কৰা; কিয়নো মোৰ প্ৰাণে তোমাতেই আশ্রয় লৈছে; এনে কি, এই আপদবোৰ শেষ নহয়মানে, মই তোমাৰ ডেউকাৰ ছাঁত আশ্ৰয় লম।
মৃতজনৰ কাৰণে জানো তুমি আচৰিত কৰ্ম কৰা? মৃতজনে উঠি জানো তোমাৰ স্তুতি কৰিব? (চেলা)।
তোমাৰ আগত মোৰ প্রার্থনা উপস্থিত হওঁক; তুমি মোৰ কাতৰোক্তিলৈ কাণ পাতা।
দুখতে মোৰ চকুৰ দৃষ্টি কমি আহিছে; হে যিহোৱা, প্রতিদিনে মই তোমাৰ আগত প্ৰাৰ্থনা কৰিছোঁ; মই তোমালৈ মোৰ হাত মেলি ৰাখিছোঁ।
তেনেহলে ঈশ্বৰলৈ দিনে-ৰাতিয়ে কাকূতি কৰা তেওঁৰ যি মনোনীত লোকৰ ভালৰ অৰ্থে তেওঁ শত্ৰুক শাস্তি দিবলৈ পলম কৰে, তেওঁ অন্যায়ৰ প্ৰতিকাৰ কৰি সেই লোকক উদ্ধাৰ নকৰিব নে?’
আৰু পাছত চৌৰাশী বছৰ বয়সলৈকে তেওঁ বিধৱাৰ জীৱন কটালে। তেওঁ মন্দিৰ এৰি কলৈকো যোৱা নাছিল; দিনে ৰাতিয়ে উপবাস আৰু প্রার্থনাৰে ঈশ্বৰৰ আৰাধনা কৰিছিল।
সকলো প্ৰাৰ্থনা আৰু নিবেদনেৰে সকলো সময়তে আত্মাত প্ৰাৰ্থনা কৰক; আৰু ইয়াৰ কাৰণে পৰ দি, ঈশ্বৰৰ সকলো পবিত্ৰ লোকৰ কাৰণে সম্পূৰ্ণ ধৈৰ্য আৰু নিবেদনত লাগি থাকক।