17 মোক তোমাৰ কৰুণাৰ এটি চিন দেখুৱা, যাতে মোক যি সকলে ঘৃণা কৰে তেওঁলোকে তাকে দেখি লাজ পায়; কাৰণ, হে যিহোৱা, তুমিয়েই মোক সহায় কৰিলা আৰু শান্তনা দিলা।
মোৰ বিৰোধীবোৰে অপমানৰ বস্ত্রাবৰণ পৰিধান কৰক; চাদৰৰ নিচিনাকৈ তেওঁলোকে নিজৰ লাজক মেৰিয়াই থাকক।
মই ধৈৰ্যৰে যিহোৱালৈ অপেক্ষা কৰিছিলোঁ; তাতে তেওঁ মোলৈ কাণ পাতি মোৰ কাতৰোক্তি শুনিলে।
আমি কোনো আলৌকিক চিহ্ন ঈশ্বৰৰ পৰা দেখা পোৱা নাই, তাত কোনো ভাববাদীও নাই; কিমান কাললৈকে আৰু এইদৰে হৈ থাকিব, তাক জানোতাও আমাৰ ইয়াত কোনো নাই।
সেই দিনা তুমি ক’বা, “হে যিহোৱা, মই আপোনাৰ ধন্যবাদ কৰিম; কাৰণ যদিও আপুনি মোৰ ওপৰত ক্ৰোধ আছিল, তথাপিও আপোনাৰ ক্ৰোধ আঁতৰিল, আৰু আপুনি মোক শান্ত্বনা দিলে।
হিষ্কিয়ায়ো ক’লে, “মই যে, যিহোৱাৰ গৃহলৈ উঠি যাম, ইয়াৰ চিন কি হ’ব?
তেনেকুৱা মানুহক মাংসৰ বিনাশৰ অৰ্থে চয়তানৰ হাতত শোধাই দিয়া উচিত, যাতে প্ৰভু যীচুৰ দিনা তেওঁৰ আত্মাই পৰিত্ৰাণ পায়।
গিদিয়োনে তেওঁক ক’লে, “মই যদি আপোনাৰ দৃষ্টিত অনুগ্ৰহ প্ৰাপ্ত হৈছোঁ, তেনেহ’লে আপুনি যে মোৰে সৈতে কথা পাতিছে, ইয়াৰ এটা চিন মোক দিয়ক।