3 যিৰূচালেমৰ চাৰিওফালে তেওঁলোকে সেই লোকসকলৰ তেজ পানীৰ দৰে ঢালি দিলে; তেওঁলোকক মৈদাম দিবলৈ কোনো নাছিল।
মানুহে হাল বাই যেনেকৈ মাটি ভাঙে, তেনেকৈ আমাৰ অস্থিবোৰ চিয়োলৰ মুখত সিচঁৰিত হৈছে।
আন জাতিবোৰে কিয় ক’ব, “সিহঁতৰ ঈশ্বৰ ক’ত গ’ল?” তুমি আমাৰ চকুৰ সন্মুখতে জাতিবোৰৰ ওপৰত, তোমাৰ দাসবোৰৰ ৰক্তপাতৰ প্ৰতিকাৰ তুমি সাধিবা।
আৰু তেওঁলোকে যি জাতিৰ আগত ভাববাণী প্ৰচাৰ কৰে, আকাল আৰু তৰোৱালৰ কাৰণে যিৰূচালেমৰ আলিত তেওঁলোকক পেলাই দিয়া যাব, আৰু তেওঁলোকক, তেওঁলোকৰ স্ত্রীসকলক, লৰা-ছোৱাৰীসকলক মৈদাম দিওঁতা কোনো নহ’ব, কিয়নো মই তেওঁলোকৰ দুষ্টতাৰ ফল তেওঁলোকৰ ওপৰত ঢালি দিম।
আৰু যিহোৱাই কৈছে, মই তেওঁলোকক বধ কৰিবলৈ তৰোৱাল, ছিৰিবলৈ কুকুৰ, খাবলৈ আৰু বিনষ্ট কৰিবলৈ আকাশৰ পক্ষী আৰু পৃথিৱীৰ জন্তু, এই চাৰি বিধক মই তেওঁলোকৰ ওপৰত নিযুক্ত কৰিম।
“তেওঁলোকে কষ্টদায়ক মৃত্যুত প্ৰাণত্যাগ কৰিব। আৰু তেওঁলোকৰ কাৰণে কোনেও বিলাপ নকৰিব। তেওঁলোক মাটিৰ ওপৰত সাৰৰ নিচিনাকৈ পৰি থাকিব। আৰু তেওঁলোকক মৈদাম দিয়া নাযাব; ‘তেওঁলোক তৰোৱাল ও আকালৰ দ্বাৰাই হত হ’ব আৰু তেওঁলোকৰ শৱ আকাশৰ চৰাইৰ আৰু পৃথিৱীৰ জন্তুৰ আহাৰ হ’ব।
সেই দিনা পৃথিৱীৰ ইমূৰৰ পৰা সিমূৰলৈ যিহোৱাৰ হত লোক হ’ব; কোনেও তেওঁলোকৰ বাবে বিলাপ নকৰিব, আৰু তেওঁলোকক গোটোৱা কি পোতা নহ’ব, তেওঁলোক মাটিৰ ওপৰত সাৰস্বৰূপ হ’ব।
মই তেওঁলোকক তেওঁলোকৰ শত্ৰূবোৰ আৰু তেওঁলোকৰ প্ৰাণ ল’বলৈ বিচাৰি ফুৰাবোৰৰ হাতত সমৰ্পণ কৰিম। তেওঁলোকৰ মৰা শৱ আকাশৰ চৰাইবোৰৰ আৰু পৃথিৱীৰ জন্তুবোৰৰ আহাৰ হ’ব।
মই লোকসকলৰ ওপৰত ভীষণ ক্লেশ আনিম; তেওঁলোকে অন্ধ মানুহৰ নিচিনাকৈ ফুৰিব, কাৰণ যিহোৱাৰ বিৰুদ্ধে তেওঁলোকে পাপ কৰিলে! তেওঁলোকৰ তেজ ধূলিৰ নিচিনাকৈ পেলাই দিয়া হ’ব! তেওঁলোকৰ দেহ গোবৰৰ নিচিনাকৈ মাটিত পৰি থাকিব।
তাতে ধাৰ্মিক হেবলৰ ৰক্তপাতৰ পৰা, বৰখিয়াৰ পুতেক যি জখৰিয়াক আপোনালোকে মন্দিৰ আৰু বেদিৰ মাজত বধ কৰিছিল, তেওঁৰ ৰক্তপাতলৈকে পৃথিৱীৰ ওপৰত সকলো ধাৰ্মিকৰ ৰক্তপাতৰ দোষ আপোনালোকৰ ওপৰত পৰিব।
এই বিষয়ে লিখাও আছে, “আমি তোমাৰ কাৰণে ওৰে দিনটো হত হ’ব লাগিছোঁ৷ কাটিবলৈ নিয়া মেৰৰ দৰে আমি গণিত হ’লোঁ।”
নানা লোক, ফৈদ, ভাষা আৰু সকলো জাতিৰ লোকে চাৰে তিনি দিনলৈকে তেওঁলোকৰ সেই শৱ চাই থাকিব, তেওঁলোকৰ শৱ মৈদামত থবলৈ অনুমতি নিদিব।
যিহেতু তেওঁলোকে তোমাৰ পবিত্ৰ লোক আৰু ভাববাদী সকলৰ ৰক্তপাত কৰিলে, সেয়েহে তুমিও তেওঁলোকক পান কৰিবলৈ তেজ দিলা; তেওঁলোক ইয়াৰ যোগ্য৷”
সেই মহিলাক পবিত্ৰ লোক সকলৰ তেজত আৰু যীচুৰ সাক্ষী সকলৰ তেজত মতলীয়া হোৱা দেখিলোঁ৷ মই তাইক দেখি অতি বিস্ময় মানিলোঁ।
ভাববাদী আৰু পবিত্ৰ লোক সকলকে আদি কৰি যিমান লোকক পৃথিৱীত বধ কৰা হ’ল, সেই সকলোৰে তেজ এই নগৰৰ ভিতৰত পোৱা গ’ল।”