Biblia Todo Logo
অনলাইন বাইবেল
- বিজ্ঞাপন -




গীত 76:6 - ইণ্ডিয়ান ৰিভাইচ ভাৰচন (IRV) আচামিচ - 2019

6 হে যাকোবৰ ঈশ্বৰ; যুদ্ধ ক্ষেত্রৰ কান্দোনত, ৰথ চালক আৰু ঘোঁৰা উভয়ে টোপনি গ’ল।

অধ্যায়টো চাওক কপি কৰক




গীত 76:6
20 পৰস্পৰ সংযোগসমূহ  

কিন্তু অৰামীয়াসকল ইস্ৰায়েলৰ সন্মুখৰ পৰা পলাল৷ আৰু দায়ূদে অৰামীয়াসকলৰ সাত শ ৰথী সৈন্য আৰু চল্লিশ হাজাৰ অশ্বাৰোহী বধ কৰিলে আৰু তেওঁলোকৰ সেনাপতি চোবককো এনেকৈ প্ৰহাৰ কৰিলে যে, তেওঁ তাতে মৰিল।


সেই ৰাতিয়েই যিহোৱাৰ স্বর্গদূতে বাহিৰলৈ ওলাই গৈ, অচূৰীয়াসকলৰ ছাউনিৰ এক লাখ পঁচাশী হাজাৰ সৈন্যক বধ কৰিলে; পিছদিনা ৰাতিপুৱা লোকসকল যেতিয়া উঠিল, তেতিয়া সকলো ঠাইতে মৰা শৱ পৰি থকা দেখিলে।


তাতে যিহোৱাই এজন দূত পঠিয়ালে; তেওঁ অচুৰৰ ৰজাৰ চাউনিৰ আটাই বলৱান বীৰ পুৰুষক, প্ৰধান লোকক আৰু সেনাপতিক সংহাৰ কৰিলে। তেতিয়া চনহেৰীবে লাজত তলমুখ কৰি নিজ দেশলৈ উলটি গ’ল। পাছত তেওঁ নিজ দেৱতাৰ মন্দিৰত সোমালত, তেওঁৰ নিজ ঔৰসত জন্ম পোৱা সকলেই সেই ঠাইতে তৰোৱালেৰে তেওঁক বধ কৰিলে।


কিন্তু সেই জল সমূহ তোমাৰ ধমকিত পলাল; তোমাৰ গৰ্জ্জনৰ শব্দত সেইবোৰ বেগেৰে গুছি গ’ল।


হে যিহোৱা, তোমাৰ ধমক আৰু তোমাৰ নাকৰ নিশ্বাসৰ প্রভাৱত সাগৰৰ তলি দেখা গ’ল; পৃথিবীৰ মূলবোৰ অনাবৃত হ’ল।


সেই গছ জুইত পোৰা হ’ল, তাক কাটি পেলোৱা হৈছে; তোমাৰ শত্রুবোৰ তোমাৰ মুখৰ ধমকিত বিনষ্ট হওঁক।


তাৰ পাছত মোচি আৰু ইস্ৰায়েলী লোকসকলে যিহোৱাৰ উদ্দেশ্যে এই স্তুতি গীত গাইছিল; তেওঁলোকে এইদৰে গাইছিল, “মই যিহোৱাৰ উদ্দেশ্যে গান কৰিম, কিয়নো তেওঁ মহা জয়েৰে গৌৰৱাম্বিত হ’ল; তেওঁ ঘোঁৰা আৰু অশ্বাৰোহী সমূদ্ৰত পেলালে।


কিন্তু আপুনি আপোনাৰ বায়ুৰে ফু দিলত সাগৰে তেওঁলোকক ঢাকি ধৰিলে; তেওঁলোক সীহৰ দৰে মহাজলত ডুব গ’ল।


মিৰিয়মে তেওঁলোকৰ আগত গীত গালে, “তোমালোকে যিহোৱাৰ উদ্দেশ্যে গান কৰা, কিয়নো তেওঁ মহা-গৌৰৱাম্বিত হ’ল; তেওঁ ঘোঁৰা আৰু অশ্বাৰোহীক সমুদ্ৰত পেলাই দিলে।”


তাৰ পাছত যিহোৱাৰ দূতবোৰে ওলাই গৈ অচূৰীয়াসকলৰ চাউনিত আক্রমণ কৰিলে, আৰু এক লাখ পঁচাশী হাজাৰ লোকক মাৰিলে। তাতে লোকসকলে ৰাতিপুৱা উঠি তেওঁলোকৰ চাৰিওফালে মৰা শৱ পৰি থকা দেখিলে।


যিহোৱাই কৈছে, সিহঁতৰ ৰাগী ধৰা সময়ত মই সিহঁতলৈ ভোজ পাতিম আৰু সিহঁতে ৰং-ধেমালি কৰিবৰ নিমিত্তে আৰু অনন্ত নিদ্ৰা গৈ সাৰ নাপাবৰ নিমিত্তে সিহঁতক মতলীয়া কৰিম।


আৰু মই তাৰ প্ৰধান আৰু জ্ঞানীবিলাকক, তাৰ শাসনকৰ্ত্তা আৰু দেশাধ্যক্ষবিলাকক, আৰু তাৰ বাৰবিলাকক, মতলীয়া কৰিম; আৰু বাহিনীসকলৰ যিহোৱা নামেৰে প্ৰখ্যাত ৰজাই কৈছে, তেওঁবিলাকে অনন্ত নিদ্ৰা গৈ সাৰ নাপাব।


আৰু প্ৰভু যিহোৱাই কৈছে, তোমালোকে মোৰ মেজত বহি ঘোঁৰা আৰু ৰথ, বীৰ আৰু আটাই ৰণুৱাক খাই পেট ভৰাবা’।”


তেওঁৰ ক্ৰোধৰ আগত কোনে থিয় হ’ব পাৰে? তেওঁৰ প্ৰচণ্ড ক্রোধক কোনে সহ্য কৰিব পাৰে? তেওঁৰ প্ৰচণ্ড ক্রোধৰ সন্মুখত কোনে থিয় হ’ব পাৰে? তেওঁৰ ক্ৰোধ অগ্নিৰ দৰে আহে আৰু তেওঁৰ দ্বাৰাই শিলবোৰ ডোখৰ ডোখৰকৈ ভঙা হয়।


বাহিনীসকলৰ যিহোৱাই কৈছে, “চোৱা, মই তোমালোকৰ বিপক্ষ;” “মই তোমালোকৰ ৰথবোৰ ধূঁৱাত পুৰি পেলাম আৰু তৰোৱালে তোমালোকৰ যুবা সিংহবোৰক গ্ৰাস কৰিব; মই তোমালোকৰ দেশৰ পৰা তোমালোকৰ চিকাৰ উচ্ছন্ন কৰিম আৰু তোমালোকৰ দূতবোৰৰ মাত আৰু শুনা নাজাব।


হে অচূৰৰ ৰজা, তোমাৰ মেৰ-ছাগ ৰখীয়াবোৰ টোপনিত আছে; তোমাৰ প্ৰধান লোকসকলে বিশ্ৰাম কৰি আছে। তোমাৰ প্ৰজাবোৰ পৰ্ব্বতৰ ওপৰত গোট গোট হ’ল, কিন্তু তেওঁলোকক একেলগে গোট খোৱাবলৈ কোনো নাই।


সেইদিনা যিহোৱাৰ ঘোষণা এই - “মই প্ৰত্যেক ঘোঁৰাক আঘাত কৰি ভয় লগাম আৰু তাত উঠা জনক বলীয়া কৰিম; মই যিহূদা বংশলৈ মোৰ চকু মুকলি কৰিম, কিন্তু সৈন্যসকলৰ প্ৰত্যেক ঘোঁৰাক আঘাত কৰি কণা কৰিম।


এইদৰে দায়ূদে চৌলৰ মূৰ-শিতানৰ ওচৰৰ পৰা সেই যাঠি আৰু জলপাত্ৰটো লৈ আতৰি আহিল, কিন্তু কোনেও তাক নেদেখিলে আৰু নাজানিলে। তেতিয়া কোনেও সাৰ নাপালে; কিয়নো সকলোৱেই নিদ্ৰিত আছিল, কাৰণ যিহোৱাই তেওঁলোকক ঘোৰ নিদ্ৰাত পেলাইছিল।


আমাক অনুসৰণ কৰক:

বিজ্ঞাপন


বিজ্ঞাপন